ধৰ্মীয় ৰীতি নীতিৰে মুখ্যমন্ত্ৰীয়ে দাহন কৰিলে ২৪৭৯টা গঁড়ৰ খড়্গ…

বোকাখাতত গঁড়ৰ খড়্গ দাহন কাৰ্যসূচী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বোকাখাতত দাহ কৰা হ’ল ২৪৭৯টা খড়্গ।

২১ জন পুৰোহিতে মাংগলিক অনুষ্ঠানেৰে সম্পন্ন কৰিলে এই খড়্গ দাহন কাৰ্যসূচী।

প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ বন বিভাগে দাহ কৰিব গঁড়ৰ খড়্গ।

বোকাখাতৰ আকাশত উৰিল গঁড় হত্যা বন্ধ কৰক শ্ল’গান লিখিত পতাকা।

ৰাজ্য চৰকাৰে গঁড়ৰ খড়্গক লৈ থকা অন্ধবিশ্বাস দূৰ কৰিবলৈ ২৪৭৯ টা খড়্গ দাহ কৰিলে।

এটা পাত্ৰত একেলগে দাহ কৰা হৈছে ৪০০টা খড়্গ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী তথা প্ৰশাসনৰ মুৰব্বীৰ উপস্থিতিত গঁড়ৰ খড়্গ সমূহ ৰাজহুৱা ভাবে জ্বলাই দিয়া হয়।

সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে মুখ্যমন্ত্ৰীয়ে কৰে মুখাগ্নি

বিশ্ব গঁড় দিৱসৰ দিনাই ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই দেশ জুৰি ব্যাপক চৰ্চা লাভ কৰিছে।

বহুতে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনোৱাৰ বিপৰীতে, বহুতে গঁড়ৰ খৰ্গ সমূহ সংৰক্ষণ কৰাৰ আহ্বান জনাইছিল।

Leave a Comment