ধৰ্মীয় ৰীতি-নীতিৰে হ’ব গঁড়ৰ খড়্গ দাহন, মুখ্যমন্ত্ৰীয়ে কৰিব মুখাগ্নি, সাজু পুৰোহিতো…

কাইলৈ অৰ্থাৎ ২২ ছেপ্তেম্বৰত ধৰ্মীয় ৰীতি-নীতিৰে দাহন কৰা হ’ব গঁড়ৰ খড়্গ।

গোলাঘাটৰ বোকাখাত দাহ কৰা হ’ব ২৪৭৯ টা গঁড়ৰ খৰ্গ।

খৰ্গ সমূহ দাহনৰ বাবে প্ৰয়োজন হ’ব ৮ ৰ পৰা ১০ ঘন্টা।‌‌‌‌‌‌

নাম-প্ৰসংগ, মন্ত্ৰোচ্চাৰণ, আদ্যশ্ৰাদ্ধৰ মাজেৰে হ’ব খড়্গ দাহ।

বোকাখাত ৰাজহুৱা খেলপথাৰত খড়্গসমুহত মুখাগ্নি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে পুৱা ৭-৩০ বজাত বোকাখাত কোষাগাৰৰ পৰা সম্পূৰ্ণ নিৰাপত্তাৰ মাজত খড়্গসমুহ বোকাখাত ৰাজহুৱা খেলপথাৰলৈ অনা হ’ব৷

তাৰ পাছতেই বিশ্ব গঁড় দিৱস উপলক্ষে নাম- প্ৰসংগ অনুস্থিত হ’ব৷ সমান্তৰাল ভাৱে মৃত গঁড় সমুহৰ আত্মাৰ চিৰশান্তিৰ বাবে আদ্য শ্ৰাদ্ধও অনুস্থিত হ’ব৷

ইতিমধ্য আদ্য শ্ৰাদ্ধৰ বাবে ১৯ জন পুৰোহিতে বোকাখাতত সাজু কৰা হৈছে৷

গঁড়ৰ খড়্গ দাহনৰ পাছত ছাইসমুহ ব্ৰক্ষ্মপুত্ৰত চিতাভষ্মৰূপে বিসৰ্জন দিয়া হ’ব৷

ইতিমধ্য সম্পূৰ্ণ হৈছে খৰ্গ দাহৰ বাবে যাৱতীয় প্ৰস্তুতি। মন্ত্ৰী অতুল বৰাই স্থান পৰিদৰ্শন কৰি বুজ লৈছে প্ৰস্তুতিৰ।

ইয়াৰোপৰি ৯৪ টা গঁড়ৰ খৰ্গ সংৰক্ষণৰ ব্যৱস্থা ও কৰা হৈছে।

Leave a Comment