ধেমাজিৰ পিছত এইবাৰ চাংসাৰি! দিন দুপৰতে ৰাজপথত যুৱতীক চুৰিকাঘাত যুৱকৰ…

ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো যুৱতী আক্ৰমণৰ ঘটনা।

নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযোৱাতই পুনৰ ৰাজপথত চুৰিকাঘাত যুৱতীক।

এইবাৰ চাংসাৰিৰ ৰাজপথত চুৰিৰে উপৰ্যুপৰি আক্ৰমণ এগৰাকী অসহায় যুৱতীক।

চাংসাৰি থানাৰ সন্মুখতে সংঘটিত হ’ল এই বৰ্বৰ আক্ৰমণৰ ঘটনা।

জানিব পৰা মতে, দৰঙৰ দলগাঁৱৰ ইমৰাণ হুছেইন নামৰ এগৰাকী যুৱকে সংঘটিত কৰিছে এই ঘটনা।

ইমৰাণ হুছেইনে প্ৰলোভনেৰে চাংসাৰিলৈ মাতি আনিছিল যুৱতীগৰাকীক আৰু উপস্থিত হোৱাৰ পিছতেই মাংসৰ দোকানত কৰ্মৰত ইমৰাণে পেটত সোমাই দিছিল চুৰী। নিমিষতে লাগিল হুৱাদুৱা ।

ইপিনে ঘটনা সংঘটিত কৰি আক্ৰমণকাৰী দৌৰি গৈ চাংসাৰি থানাত আত্মসমৰ্পণ কৰে।

ইমৰাণ হুছেইনে পোন্ধৰ দিন পূৰ্বে চাংসাৰিৰ এখন কচাই খানাত কামত সোমাইছিল।

ইমৰাণে বুধবাৰে ধনৰ প্ৰলোভনেৰে দৰং পানবাৰীৰ পৰা যুৱতীগৰাকীক মাতি আনিছিল বুলি অভিযোগ উত্থাপন হৈছে।

লগে লগে যুৱতিগৰাকীক ভৰ্তি কৰোৱা হয় তোলাৰাম বাফনা চিকিৎসালয়ত কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত GMCHত ভৰ্তি কৰা হয়।

সম্প্ৰতি GMCHৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুজিছে যুৱতীগৰাকী।

চাংসাৰি আৰক্ষীয়ে ইতিমধ্যে ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত।

Leave a Comment