দৰঙৰ গৰুখুঁটিত সাময়িকভাৱে স্থগিত উচ্ছেদ অভিযান…

দৰঙৰ গৰুখুঁটিত সাময়িকভাৱে স্থগিত প্ৰশাসনৰ উচ্ছেদ অভিযান।

ৰক্তাক্ত সংঘৰ্ষৰ পিছত আজি গৰুখুঁটিত নচলে প্ৰশাসনৰ উচ্ছেদ।

বিপৰীতে কালি আৰক্ষী, প্ৰশাসনে মুকলি কৰা মাটি চহাব প্ৰশাসনে।

বৃহস্পতিবাৰে উচ্ছেদস্থলীত হৈছিল ভয়ংকৰ সংঘৰ্ষ।

শিল নিক্ষেপ কৰা বেদখলকাৰীলৈ গুলী চলাইছিল আৰক্ষীয়ে। যাৰ ফলত নিহত হৈছিল ৩জনকৈ লোক।

বেদখলকাৰীৰ আক্ৰমণত আহত হৈছিল কেইবাজনো আৰক্ষীৰ লোক।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনীৰ ৩২টা কোম্পানী অনাৰ ব্যৱস্থা কৰা হৈছে।

গুজৰাটৰ পৰা আহি আছে ২১টা কোম্পানী। অৰুণাচল প্ৰদেশৰ পৰা আহিব ১১টা কোম্পানী।

অৱশ্যে আজি উচ্ছেদ চলোৱা হ’ব নে নহয় সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

Leave a Comment