দুৰ্নীতিৰ অভিযোগত আটক হোৱা আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বাসগৃহত আৰক্ষীৰ অভিযান…

ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত আটক হোৱা আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ নগাঁৱস্থিত বাসগৃহত নগাঁও আৰক্ষীৰ অভিযান৷

নগাঁৱৰ হয়বৰগাঁওস্থিত নাইটিংগল এপাৰ্টমেণ্টত নগাঁও আৰক্ষীৰ অভিযান।

উল্লেখ্য যে, কোকৰাঝাৰৰ এগৰাকী ব্যৱসায়ীয়ে মাহেকীয়া হিচাপত ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বিৰুদ্ধে।

কোকৰাঝাৰৰ এগৰাকী ব্যৱসায়ীৰ পৰা মাহেকীয়া ভিত্তিত ২৫ হাজাৰ টকা দাবী কৰাৰ অভিযোগ তুলি ব্যৱসায়ীগৰাকীয়ে তদাৰকী আৰু দুৰ্নীতি বিৰোধী শাখাক এই বিষয়ে অৱগত কৰে৷

সেই মৰ্মে শুকুৰবাৰে গুৱাহাটীৰ পৰা অহা তদাৰকী আৰু দুৰ্নীতি বিৰোধী শাখাৰ ১৪ জনীয়া দল এটাই কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাক হাতে-লোটে আটক কৰে।

FL2br PE?format=jpg&name=small

এই অভিযোগৰ ভিত্তিতেই তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আটক কৰা আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ নগাঁৱস্থিত বাসগৃহত শুকুৰবাৰে নিশা পৰ্যন্ত অভিযান চলাই।

শুকুৰবাৰে নিশা নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নাইট এংগল এপাৰ্টমেণ্টত থকা বিলাসী ফ্লেটটোত অভিযান চলায়।

অৱশ্যে অভিযানত কোনো নগদ ধন অথবা আপত্তিজনক তথ্য পাতি উদ্ধাৰ হোৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে।

উল্লেখযোগ্য যে, হিমানজ্যোতি বৰাই নগাঁৱতো দীৰ্ঘদিন ধৰি আবকাৰী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Leave a Comment