দুধনৈ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ২১.৫০ লাখ টকা, আটক ৪ সৰবৰাহকাৰী…

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অব্যাহত আছে অভিযান।

দুধনৈ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ নগদ ২১.৫০ লাখ টকা।

লগতে আৰক্ষীৰ অভিযানত আটক হৈছে ৪জনকৈ ড্ৰাগছ সৰবৰাহকাৰী।

আটকাধীন হোৱা চাৰি গৰাকীৰ ভিতৰত তিনিগৰাকীয়ে মণিপুৰৰ বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত আছে এগৰাকী মহিলাও৷

ড্ৰাগছ সৰবৰাহকাৰী মনিপুৰৰ লোক কেইজন- ক্ৰমে লংজাম জাবমি সিং, তিমৱোলঠি বাইটে (মহিলা) আৰু জামগ্ৰীলাম।

মণিপুৰৰ MN-03P-4820 নম্বৰৰ ব’লেৰো বাহনেৰে টেবলেট খিনি লৈ আনিছিল গোৱালপাৰা দিশে৷

আনহাতে মেঘালয়ৰ ফুলবাৰী পৰা AS-01DP-4867 নম্বৰৰ বলেৰ’ বাহনেৰে দুজন লোকে টেবেলেট খিনি লবলৈ আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ড্ৰাগছ সৰবৰাহকাৰীয়ে বাহন দুখন সলনি কৰিবলৈ লওঁতে হাতে লোটে আৰক্ষীৰ জালত পৰে।

মনিপুৰৰ পৰা অহা ড্ৰাগছ খিনি মেঘালয়লৈ বিক্ৰী কৰাৰ বাবে লৈ আহিছিলে আৰু ড্ৰাগছ ক্ৰয় কৰিবলৈ দক্ষিণ শালমাৰাৰ পৰা আব্দুল লটিফ চৌধুৰীয়ে দুধনৈ লৈ আহিছিল।

বাহনৰ দুখনৰ এখনৰ বেক লাইটৰ ভিতৰত টকা আৰু আনখনৰ টেলৰ টেংকীত টেবলেট খিনি লুকুৱাই আনিছিল সৰবৰাহকাৰীয়ে।

জব্দকৃত টেবলেট খিনিৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Leave a Comment