ASSAM

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা…

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা।

এই ভ্ৰমণকালত জনজাতীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ জনজাতীয় লোকসকলৰ সৱলীকৰণৰ বাবে প্ৰস্তুত কৰা MFP, VDVK আৰু ট্ৰাইফুড ৰূপায়ণৰ অগ্ৰগতিৰ ওপৰত পৰ্যালোচনা কৰিব।

তেওঁৰ সৈতে ট্ৰাইফেডৰ পৰিচালনা সঞ্চালক প্ৰবীৰ কৃষ্ণা আৰু ট্ৰাইফেডৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব।

দুদিনীয়া ভ্ৰমণকালত মুণ্ডাই অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ সৈতে বৈঠকত মিলিত হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসমৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী, মুখ্য সচিব আৰু প্ৰধান সচিব আৰু অন্যান্য ৰাজ্যিক বিষয়াসকলৰ লগতো বিশেষ আলোচনাত মিলিত হ’ব জনজাতীয় পৰিক্ৰমা মন্ত্ৰীগৰাকী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button