দুই ফৈদৰ সংঘাতত উত্তাল হাইলাকান্দি! আৰক্ষীসহ আহত কেইবাজনো, শূন্যলৈ গুলীচালনা আৰক্ষীৰ…

দুই ফৈদৰ সংঘাতত উত্তাল হাইলাকান্দি জিলাৰ ছিৰিচপুৰ চাহ বাগিচা অঞ্চল।

স্থানীয় দুই যুবকৰ কাজিয়াৰ পৰা সৃষ্টি হয় দুই ফৈদৰ সংঘাত।

মুহূৰ্তৰ ভিতৰতে এই সংঘাতে ধাৰণ কৰে ভয়ংকৰ ৰূপ।

উত্তেজিত একাংশ লোকে ভাঙি লণ্ডভণ্ড কৰে কেইবাখনো ব্যবসায়িক প্ৰতিষ্ঠান, যান-বাহন। ক্ষতিগ্ৰস্ত হয় ছিৰিচপুৰ বজাৰত থকা এটা মন্দিৰো।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত আৰক্ষীলৈও শিলগুটি আৰু কাচৰ বটল নিক্ষেপ কৰে উত্তেজিত লোকসকলে।

শিলগুটি নিক্ষেপৰ ফলত আঘাতপ্ৰাপ্ত হৈছে হাইলাকান্দি সদৰ আৰক্ষী চকীৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া জছিম উদ্দিন লস্কৰসহ আন এজন আৰক্ষী জোৱান।

ঘটনাৰ পিছতে আৰক্ষীয়ে চাৰিজন যুবকক আটক কৰিবলৈ সক্ষম হয়। নিশা পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দেৱজিত মুখাৰ্জী।

বৰ্তমানে হাইলাকান্দিৰ ৪টাকৈ অঞ্চলত জাৰি কৰা হৈছে সান্ধ্য আইন।

Leave a Comment