নিউজ ডেস্কঃ ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা আইপিএফটিৰ প্ৰধান নৰেন্দ্ৰ চন্দ্ৰ দেৱবাৰ্মাৰ দেহাৱসান।
দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।
উল্লেখ্য যে, ৩০ ডিচেম্বৰত এন চি দেৱবাৰ্মাক ব্ৰেইন ষ্ট্ৰোকৰ বাবে গোবিন্দ বল্লভ পন্ত চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
২০১৮ চনত চিপিআই-এম নেতৃত্বাধীন বাওঁ মৰ্চাক পৰাস্ত কৰি বিজেপিৰে সৈতে আইপিএফটিৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এন চি দেৱবাৰ্মাই।
Tripura Revenue Minister and our Govt partner Indigenous People’s Front of Tripura (IPFT) supremo Shri N C Debbarma was an affable man with strong ideas for progress of Tripura. I had an opportunity to interact extensively with him.
— Himanta Biswa Sarma (@himantabiswa) January 1, 2023
So deeply pained by his demise. Condolences. pic.twitter.com/myk8j413KQ
চৰকাৰ গঠনৰ পিছত ৰাজহ আৰু বন বিভাগৰ মন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰি মৃত্যু পৰ্যন্ত সেই পদত অধিষ্ঠিত হৈ আছিল তেওঁ।
Shri NC Debbarma Ji will be remembered by the coming generations as a hardworking grassroots leader who always worked for the well-being of people. He made a rich contribution to Tripura’s progress. Pained by his demise. Condolences to his family and supporters. Om Shanti.
— Narendra Modi (@narendramodi) January 1, 2023
প্ৰবীণ নেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।