দীপাৱলীৰ উপহাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে লাষ্টগেটৰ উৰণীয়া সেতু…

খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে লাষ্টগেটৰ উৰণীয়া সেতু।

পুৱাৰ ভাগত এক মাংগলীক অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰীয়ে এই সেতুখন উদ্বোধন কৰে।

মুখ্যমন্ত্ৰীৰ উপৰিও সেতু উদ্বোধনী অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহাল, বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

দিপাৱলীৰ শুভ ক্ষণত উদ্বোধন কৰা এই উৰণীয়া সেতুঁ খন সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ সজাই পৰাই তোলা হৈছে।

সেতুঁখনৰ দুয়োপাৰে অসমীয়া সমাজ জীৱন আৰু সাংস্কৃতি তুলি ধৰি বিভিন্ন চিত্ৰ অংকন কৰা হৈছে।

এই উৰণীয়া সেতুখনৰ দৈৰ্ঘ ১২.০৫ মিটাৰ।

সেতু উদ্বোধন কৰি সংবাদ মাধ্যমক কয় যে, বহু লোকে সেতুত তামুলৰ পিক পেলাই সৌন্দৰ্য বিনষ্টি কৰিছে। সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে তেনে নকৰিবলৈ অনুৰোধ কৰে।

সেতু নিৰ্মাণৰ সৈতে জড়িত সকলো পক্ষকে তেওঁ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। ক’ভিড নোহোৱা হ’লে ইয়াতকৈয়ো সোনকালে এই উৰণীয়া সেতুখন সম্পূৰ্ণ হৈ উঠিল বুলি কয় শৰ্মাই।

উল্লেখ্য যে, এই উৰণীয়া সেতুঁ খনৰ ফলত গুৱাহাটী মহানগৰীত যান-যঁটৰ সমস্যা বহু পৰিমাণে কম হ’ব বুলি আশা কৰা হৈছে।

Leave a Comment