পুনৰ অইল ইণ্ডিয়া লিমিটেডক কঠোৰ সকীয়নি আলফা (স্বাঃ)ৰ।
অসমৰ থলুৱা বা স্থানীয় যুৱক-যুৱতীসকলক স্থায়ী নিযুক্তিৰ পৰিৱৰ্তে ঠিকা ভিত্তিক নিযুক্তি প্ৰদান কৰাক লৈ অইল ইণ্ডিয়া লিমিটেডক কঠোৰ সকীয়নি আলফা স্বাধীনৰ।
শুকুৰবাৰে এক বিবৃতিযোগে অইল কোম্পানীটোৰ বিৰুদ্ধে সশস্ত্ৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে সংগঠনটোৱে।
আলফা-(স্বাঃ)এ লগতে উল্লেখ কৰি কয় যে, ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিলেও সংগঠনটোৰ বিপ্লৱ অব্যাহত থাকিব।
বিবৃতিটোত কোৱা হৈছে যে, আমি মুকলিকৈ ক’ব বিচাৰো যে যদি তেওঁলোকে স্থানীয় যুৱক-যুৱতীসকলক স্বচ্ছভাৱে নিযুক্তি দিয়াৰ বিপৰীতে স্থানীয় বিৰোধী স্থিতি গ্ৰহণ কৰি থাকে তেন্তে অইলৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ কৰাৰ বাহিৰে আমাৰ ওচৰত আন কোনো বিকল্প নাথাকিব।
চাবুৱাৰ প’ল ফিল্ড দখল কৰিব বিচৰা সকলকো কঠোৰ সকীয়নি প্ৰদান কৰি বিবৃতিটোত কোৱা হৈছে যে, আলফাই কোনো ধৰণৰ মাফিৰাজ সহ্য নকৰে। প’ল-ফিল্ডক খেলপথাৰ হিচাপে থাকিবলৈ দিয়ক অথবা শাৰীৰিক আৰু মানসিক স্থিৰতা আৰু বিকাশৰ বাবে ইয়াক শিশু উদ্যান হিচাপে বিকশিত কৰক’
ইয়াৰোপৰি তিনিচুকীয়াৰ পানীতোলাৰ MK.Sah প্ৰতিষ্ঠাৰ কতৃপক্ষেই খেলপথাৰ খনত চাহ পুলি ৰুব বিচৰা কাৰ্যক বিৰোধিতা কৰি বাগিচা কতৃপক্ষেক সকীয়নি প্ৰদান কৰে আলফাই।