তালিবানৰ সমৰ্থক সকল দেশৰ শত্ৰু, তেওঁলোক আফগানিস্তানত গৈ থাককঃ সাংসদ দীলিপ শইকীয়া

ছ’চিয়েল মিডিয়াত তালিবানক সমৰ্থন জনাই অসমত গ্ৰেপ্তাৰ হয় ১৪ জনকৈ লোক।

ইয়াৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বিজেপিৰ সাংসদ দিলীপ শইকীয়াইও কঠোৰ ভাষাৰে সমালোচনা কৰিছে তালিবানৰ সমৰ্থকসকলক।

সাংসদ দিলীপ শইকীয়াই কয়, ‘তেওঁলোকে যদি জানি-বুজি এই ধৰণৰ কাণ্ড কৰিছে তেওঁলোক ভাৰতবৰ্ষৰ শত্ৰু। তেওঁলোকৰ যদি আফগানিস্তানৰ প্ৰতি, তালিবানৰ প্ৰতি ইমানেই সমৰ্থন আছে তেনেহ’লে তেওঁলোক আফগানিস্তানলৈ গৈ তালিবানৰ সৈতে থাকক। তাৰে নাগৰিকত্ব লওঁক। ইয়াত যাতে অশান্তি নিবিয়পাব।’

লগতে ভাৰতবৰ্ষৰ একতা আখণ্ডতাৰ প্ৰতি বাহ্যিক শক্তিক যাতে উৎসাহিত নকৰে তাৰ প্ৰতি সকলোকে সতৰ্ক কৰি দিয়ে সাংসদগৰাকীয়ে।

লগতে তেওঁ কয়- ‘তালিবনক যি সকলে সমৰ্থন কৰিছে সেই সকল মানৱতাৰ শত্ৰু। দৰং জিলাতো অগ্ৰণী, সমাজৰ আগস্থানত থকা লোক সকলে তালিবানক সমৰ্থন জনাইছে। তালিবানৰ সমৰ্থন জনোৱা সকল ভাৰতবৰ্ষৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে অৱস্থান কৰিছে, সেই সকলৰ বিৰুদ্ধে আইনী ভাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।’

Leave a Comment