অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই বৰাকক পৃথক ৰাজ্যৰ মৰ্যাদা দিব লাগে বুলি কৰা মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
ড০ নগেন শইকীয়াৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, আমি অখণ্ড ভাৰত, অখণ্ড অসমৰ হৈ কাম কৰিব লাগে। নগেন শইকীয়া মোতকৈ বহু ডাঙৰ তথা তেওঁ ৰাজ্যৰ এগৰাকী নমস্য বুদ্ধিজীৱি, সেয়া ব্যক্তিগত মন্তব্য তাত মোৰ ক’বলগীয়া একো নাই।
ভাষাক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, ভাষাই মানুহক একত্ৰিত কৰে। ভাষাই যদি মানুহক দূৰত ঠেলি দিয়ে তেতিয়াহ’লে ভাষাৰ মূল্যটো ক’ত থাকিব। ভাষাই সমন্বয় সাধন কৰে, ভাষাই সম্প্ৰীতিৰ সৃষ্টি কৰে। বৰাক উপত্যকাই হওক বা ব্ৰহ্মপুত্ৰ উপত্যকাই হওক আমি কোনেও এনেকুৱা কাম কৰিব নালাগে যাৰ পৰা কাৰোবাৰ মনত আঘাত হয়। মানুহৰ মনত কষ্ট দিলে, আঘাত দিলে দূৰত্ব বাঢ়ি যায়’।
বৰাক উপত্যকাত যদি কিবা কাৰণত দুখন অসমীয়া পোষ্টাৰ গ’ল সেইটোত আমি বেয়া পাব নালাগে। আৰু ব্ৰহ্মপুত্ৰ উপত্যকাতো যদি ভুলক্ৰমে কিতাপ এখন বঙালীত প্ৰিণ্ট হৈ যায় তাক লৈ আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে বুলি মন্তব্য কৰে শৰ্মাই।
বৰাকত অসমীয়া প’ষ্টাৰত ক’লা ৰং সানি দিয়াৰ দৰে ঘটনা বিজেপি দলক হেয় প্ৰতিপন্ন কৰিবলৈ কোনোবাই চক্ৰান্ত ৰচা বুলি অভিযোগ তোলে মুখ্যমন্ত্ৰী শৰ্মাই।
তামুলপুৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।