অসম

ডিমা হাছাওত উগ্ৰপন্থীৰ গুলীচালনা, জ্বলাই দিলে ৫খনকৈ ট্ৰাক, ৫জনৰ মৃত্যু…

ডিমা হাছাওৰ ডিয়ুংমুখত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা।

৫খনকৈ ট্রাকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা।

দুৰ্বৃত্তই গুলীচালনা কৰি জ্বলাই দিয়ে ৫খনকৈ ট্রাক।

ট্ৰাকৰ ভিতৰতে অগ্নিদগ্ধ হৈ পাঁচ জনকৈ চালক-হেণ্ডিমেনৰ মৃত্যু।

লংকা অভিমুখে গৈ আছিল ট্ৰাককেইখন।

ৰেঞ্জাৰ বিলত বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে ডালমিয়া চিমেণ্ট কোম্পানীৰ আছিল ৪খন ট্ৰাক।

ট্ৰাককেইখনে কঢ়িয়াই নিছিল কোম্পানীৰ কয়লা, ক্লিংকাৰ।

আনহাতে অনলাইনৰ সামগ্ৰী কঢ়িওৱা এখন ট্ৰাকো জুইত জাহ যায়।

DNLA উগ্ৰপন্থী সংগঠনে এই ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

বাইকত আহিছিল নৰসংহাৰ চলোৱা উগ্ৰপন্থীৰ দলটো। 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button