জিলা উপায়ুক্তৰ কাৰ্যালয়ত পিক্ পেলাই বিপদত পৰিল এজন ঠিকাদাৰ!

নিউজ ডেস্ক। ক’ভিড পৰিস্থিতিৰ মাজতে কাৰ্যালয় তথা ৰাজহুৱা স্থানত পৰিস্কাৰ পৰিচ্ছন্নতা অটুট ৰাখিবলৈ চৰকাৰী-বেচৰকাৰীভাৱে ব্যাপক সজাগতা অভিযান চলি আছে।

বিশেষকৈ ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰােধৰ বাবে ৰাজহুৱা য’তে-ত’তে পিক্ পেলােৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপ কৰিছে প্ৰশাসনে।

কিন্তু ইমানৰ পিছতো একাংশ কাণ্ডজ্ঞানহীন লােকে এৰিব পৰা নাই পুৰণি অভ্যাস।

কিন্তু এইবাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ খটখটীত পিক্ পেলাই বিপদত পৰিল এজন ঠিকাদাৰ।

এই ঘটনাৰ স্থান বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়।

জানিব পৰা মতে, বৃহস্পতিবাৰে কাৰ্যালয়টােৰ প্ৰথম মহলালৈ উঠি যােৱা খটখটীত কােনাে লােকে তামােলৰ পিক্ পেলাই লেতেৰা কৰা দৃষ্টিগােচৰ হয় উপায়ুক্ত তেজপ্ৰসাদ ভূচালৰ।

লগে লগে তেওঁ বিষয়টো গুৰুত্বসহকাৰে লৈ এই বিষয়ে অনুসন্ধান আৰম্ভ কৰে।

পিছত কাৰ্যালয়ত স্থাপন কৰা চি চি টি ভিৰ ফুটেজ পৰীক্ষা কৰি গম পোৱা যায় যে এই কাম ৰাজু দেউৰী নামৰ এজন ঠিকাদাৰে কৰিছে।

সেই অনুসৰি উক্ত ব্যক্তিজনক কাৰ্যালয়লৈ মতাই আনি উপায়ুক্তই তেওঁক তৎক্ষণাৎ ঠাইখিনি পৰিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

নিৰুপায় হৈ নিজৰ ভুল স্বীকাৰ কৰি তথাকথিত ভদ্ৰলোকজনে নিজে পানীৰে ধুই পৰিষ্কাৰ কৰিবলৈ বাধ্য হয়।

এই ঘটনাই উপায়ুক্তৰ কাৰ্যালয়টত সন্ধিয়া আমোদজনক পৰিস্থিতিৰ সৃষ্ট কৰে যদিও উপায়ুক্তৰ এনে দৃঢ় স্থিতিৰ সকলোৱে শ’লাগ লৈছে।

Leave a Comment