চাঞ্চল্যকৰ! শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৫জন কাৰাবন্দী HIV পজিটিভ…

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত আতংকময় পৰিৱেশ।

৫জন কাৰাবন্দীৰ দেহত HIV পজিটিভ ধৰা পৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

শেহতীয়াকৈ কৰা পৰীক্ষাত তেওঁলোকৰ দেহত এইডছৰ বীজাণু ধৰা পৰিছে।

কাৰাগাৰৰ অধীক্ষকে সত্যেন্দ্ৰ বৈশ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, দুজন শাস্তিপ্ৰাপ্ত আৰু তিনিজন বিচাৰাধীন কাৰাবন্দীক পৰীক্ষা কৰাৰ সময়ত আটাইকেইজনৰে এইচআইভি পজিটিভ ধৰা পৰে।

কাৰাগাৰখনৰ বাকী কাৰাবন্দীৰো বাধ্যতামূলক পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা কৰিছে জেইল কৰ্তৃপক্ষই।

শাস্তিপ্ৰাপ্ত কাৰাবন্দী দুজনৰ ভিতৰত এজন মনিপুৰৰ বাসিন্দা আৰু আনজন ট্ৰাক ড্ৰাইভাৰ।

ট্ৰাক ড্ৰাইভাৰসকলে উপযুক্ত সুৰক্ষা অবিহনে যৌন সম্পৰ্ক কৰাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি কাৰাগাৰালৈ অহাৰ পাছতে ট্ৰাক ড্ৰাইভাৰগৰাকীক পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে।

আনহাতে, মনিপুৰৰ কাৰাবন্দীজনেও অসুৰক্ষিত যৌন সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল আৰু তেওঁৰো পৰীক্ষাৰ পাছত পজিটিভ ধৰা পৰে।

ইপিনে, বাকী তিনিজন বিচাৰাধীন কাৰাবন্দীয়ে ড্ৰাগছ সেৱন কৰিছিল। ড্ৰাগছ লোৱাৰ বাবে একেটা চিৰিঞ্জ ব্যৱহাৰ কৰাৰ বাবে এইচআইভি সংক্ৰমণ ঘটাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে এই মাহৰে আৰম্ভণিৰ পিনে নগাওঁ জিলাত ৮৮জন বিচাৰাধীন কাৰাবন্দীৰ এইচআইভি পজিটিভ ধৰা পৰিছিল।

Leave a Comment