নগৰবেৰাৰ নিচিলামাৰীত চাঞ্চল্যকৰ ঘটনা৷
নিশা দুৰ্বৃত্তই জ্বলাই দিলে বিদ্যালয়ৰ ডেক্স-বেন্সৰ লগতে আচবাব৷
নগৰবেৰাৰ নিছিলামাৰী মধ্য ইংৰাজী বিদ্যালয়ত নিশা সংঘটিত হৈছে এই ঘটনা৷
শুক্ৰবাৰে নিশা প্ৰায় ২মান বজাত অচিনাক্ত দুৰ্বৃত্তই বিদ্যালয় গৃহৰ পৰা বাহিৰলৈ ওলাই আনি জ্বলাই দিয়ে আচবাবখিনি৷
এই কাণ্ডত বিদ্যালয়খনৰ প্ৰায় ১৫ জোৰা ডেক্স বেঞ্চৰ লগতে শিক্ষকে ব্যৱহাৰ কৰা চকী টেবুল জুইত ভস্মীভূত হয়৷
নিশাই এই ঘটনাৰ উমান পায় হাহাকাৰ লাগে স্থানীয় ৰাইজৰ মাত৷
পুৱাই এই ঘটনা সন্দৰ্ভত মন্দিৰা আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে বিদ্যালয় পৰিচালনা সমিতিয়ে৷
সম্প্ৰতি মন্দিৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷
ইপিনে বিদ্যালয়লৈ আহি বহিবলৈ ডেক্স বেন্স নাপায় বাহিৰতে সময় পাৰ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে।









