চলন্ত বাছৰ পৰা পৰি হেণ্ডিমেনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। চলন্ত বাছৰ পৰা পৰিল মৃত্যু হ’ল বাছখনৰে হেণ্ডমেনৰ।

গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কমাৰগাঁও তিনিআলিত শুকুৰবাৰে প্ৰায় আবেলি ৩.৪০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা নাজিৰা অভিমুখে যাত্ৰা কৰা এএছ ০৪ বিচি২৯৪৮ নম্বৰৰ ‘মুকুল’ নামৰ দিবা-নৈশ বাছখনৰ পৰা হেণ্ডিমেন বগাই গগৈ অসাৱধানবশতঃ পৰি যায়।

উক্ত বাছখনৰ চকা উঠি যোৱাত যুৱকজন থিতাতে নিহত হয়।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰি ঘটনা সন্দৰ্ভত কমাৰগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

মৃতদেহটো কমাৰগাঁও আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Leave a Comment