চলন্ত ট্ৰেক্টৰৰ সন্মুখত হঠাতে আহিল গৰু, ৰক্ষা কৰিবলৈ গৈ সংঘটিত দুৰ্ঘটনাত ১১ জনৰ মৃত্যু

নিউজ ডেস্ক। পথৰ ওপৰত বিচৰণ কৰা পশুধনৰ বাবে সময়ে সময়ে বহু ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

তেনে এক দুৰ্ঘটনাত ১১ জনকৈ লােকৰ মৃত্যু হােৱা ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে।

এই শোকাৱহ ঘটনাৰ স্থান হৈছে উত্তৰ প্ৰদেশৰ ঝাঁচী য’ত শিশু-মহিলাসহ ১১ জনকৈ লােকৰ মৃত্যু ঘটে।

জানিব পৰা মতে, ট্ৰেক্টৰ লুটি খাই যোৱাৰ ফলত চাৰিটি শিশুসহ মুঠ ১১ জন লোক এই দুৰ্ঘটনাত মৃত্যু হয়।

এই ঘটনা শুকুৰবাৰে সংঘটিত হয় ঝাঁচীৰ চিৰগাঁও অঞ্চলৰ ভান্দৰ ৰোডত।

জানিব পৰা মতে, ট্ৰেক্টৰখনত মুঠ ৩০ জন যাত্ৰী আছিল। তেওঁলোক স্থানীয় তীৰ্থযাত্ৰী আছিল। কিন্তু চলন্ত অৱস্থাত থকা ট্ৰেক্টৰখনৰ সন্মুখত গৰু ওলাই দিয়াৰ বাবে চালকে নিয়ন্ত্ৰণ হেৰুৱাই। যাৰ ফলত চালকে গৰুক ৰক্ষা কৰিবলৈ চেষ্টা কৰোতে ট্ৰেক্টৰখন পথৰ কাষত লুটি খায় পৰে।

সেয়েহে ট্ৰেক্টৰৰ ট্ৰলীৰ তলত সোমাই পৰি চাৰিটি শিশু সহ ৭ গৰাকী মহিলাৰ মৃত্যু হয়।

জ্যেষ্ঠ আৰক্ষী অধীক্ষক শিৱহাৰী মীনাই জনোৱা অনুসৰি, পথ দুৰ্ঘটনাটোত মুঠ ছয়জন লোক আহত হয়।

মধ্য প্ৰদেশৰ পাণ্ডোখৰৰ বাসিন্দা প্ৰায় ৩০ জন লোক ট্ৰেক্টৰ-ট্ৰলীত এটা মন্দিৰলৈ গৈ আছিল। সেই সময়তে ট্ৰেক্টৰখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত চাৰিটি শিশুসহ মুঠ ১১ জন লোকৰ ঘটনাস্থলীত মৃত্যু হয় আৰু আহত ছয়জনক জৰুৰীকালীনভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়। আহত লোকসকলৰ অৱস্থা সংকটজনক।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই শোকাৱহ ঘটনাৰ বাবে শোক প্ৰকাশ কৰে। তেওঁ জিলা প্ৰশাসনৰ বিষয়াসকলক আঘাতপ্ৰাপ্ত লোকসকলৰ চিকিৎসাৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে।

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

photo-2021-10-17-09-31-10

Leave a Comment