গৌৰৱান্বিত অসম! অসম তনয়া ফ্ল’ৰিনা গগৈয়ে জিনিলে ছুপাৰ ডান্সাৰৰ ৪ৰ্থ চিজনৰ খিতাপ…

পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটট উজ্বলিল অসম কন্যা।

জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ছুপাৰ ডান্সাৰৰ চতুৰ্থ চিজনৰ বিজয়ীৰ খিতাপ দখল কৰিলে অসমৰ ফ্ল’ৰিনা গগৈয়ে।

বিচাৰক শিল্পা চেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসুৱে শনিবাৰে ছিজনৰ ফাইনেল এপিছ’ডত তেওঁক ট্ৰফী প্ৰদান কৰে।

ফ্লৰিনাক ছনি এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ তৰফৰ পৰা ১৫ লাখ টকাৰ চেক লাভ কৰে।

লগতে ফ্ল’ৰিনাৰ গুৰু তথা পৰামৰ্শদাতা তুষাৰ চেট্টীয়ে লাভ কৰে ৫ লাখ টকাৰ চেক।

KPKE LW?format=jpg&name=small

ইয়াৰ উপৰিও আন ফাইনেলিষ্টসকলৰ ভিতৰত আছিল কৰ্ণাটকৰ বেলগামৰ প্ৰুথভিৰাজ প্ৰথম ৰানাৰ-আপ, পঞ্জাৱৰ সঞ্চিত চানানাক দ্বিতীয় ৰানাৰ-আপ, মধ্যপ্ৰদেশ হোচাঙ্গাবাদৰ নীৰজা তিৱাৰীক তৃতীয় ৰানাৰ-আপ আৰু নতুন দিল্লীৰ এষা মিশ্ৰাক চতুৰ্থ ৰানাৰ-আপ হিচাপে ঘোষণা কৰা হয়।

প্ৰতিগৰাকী ৰানাৰ-আপকে ১-১ লাখৰ চেক প্ৰদান কৰা হয়।

u6bpaU3z?format=jpg&name=small

ইয়াৰ উপৰি পাঁচোজন ফাইনেলিষ্টে শ্ব’ পৃষ্ঠপোষকৰ পৰা ৰেফ্ৰিজেৰেটৰ আৰু এয়াৰ পিউৰিফায়াৰ আৰু অংশীদাৰ বেংকৰ পৰা ৫১,০০০ টকাৰ ফিক্সড ডিপজিট প্ৰমাণপত্ৰ লাভ কৰে।

খিতাপ অৰ্জনৰ পিছত ফ্লৰিনাই ফেইচবুকৰ জৰিয়তে অসমবাসীক কয়, ‘আজি আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই জয়ী হ’লো। সকলো অসমবাসী ৰাইজক ধন্যবাদ জনাইছো। মোক ভোট দিয়া বাবে ধন্যবাদ ভাৰতবাসী’।

Leave a Comment