গুৱাহাটী লেতেৰা কৰা ব্যক্তিৰ ফটো আৰু পৰিচয় দিওতাক ১০০০ টকা আগবঢ়াব গুৱাহাটী পৌৰ নিগমে…

গুৱাহাটী নগৰৰ চাৰিওদিশে বিভিন্ন স্হানত পষ্টা’ৰ মৰাক, থু পেলোৱাক লৈ সৰৱ গুৱাহাটী পৌৰ নিগম।

যদি পৌৰ নিগমৰ অনুমতি নোহোৱাকৈ প’ষ্টাৰ লগাই তেনেহ’লে পৌৰ নিগমে কঠোৰ ব্যৱস্হা ল’ব আৰু গোচৰ ৰুজু কৰিব।

গুৱাহাটী অপৰিষ্কাৰ কৰা ব্যক্তিৰ ফটো আৰু পৰিচয় দিওতাক ১০০০ টকা আগবঢ়াব গুৱাহাটী পৌৰ নিগমে।

মঙলবাৰে পাণবজাৰস্থিত গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে।

সংবাদমেলত আয়ুক্তগৰাকীয়ে কয় যে, গুৱাহাটীৰ নগৰৰ ভিতৰত অবৈধভাবে পোষ্টাৰ লগালে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কোনো লোকে যদি তেনে কাম কৰা লোক দেখা পাই তেন্তে দেখুৱাই দিয়া ব্যক্তিজনক ১০০০টকাৰ পুৰষ্কাৰ প্ৰদান কৰা হ’ব।

বুধবাৰৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি উল্লেখ কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তগৰাকীয়ে।

তেওঁ লগতে কয় যে, গুৱাহাটী পৌৰ নিগমৰ 8811007000, 7399003001, 7399003002, 7399003004 নম্বৰত মানুহে বিভিন্ন ধৰণে গুৱাহাটী অপৰিষ্কাৰ কৰাৰ ফটো আৰু ঠিকনা পঠিয়ালে লাভ কৰিব ১০০০টকাৰ পুৰস্কাৰ।

ইফালে, দিছপুৰ ছুপাৰমাৰ্কেট উৰণীয়া সেতুৰ ওপৰত জন্মদিন উদযাপন কৰা ঘটনাক নিন্দা কৰি তেওঁ কয় যে, কোনো লোকে যদি এইসকলৰ বিৰুদ্ধে গোচৰ দিয়ে তেন্তে আইনী ব্যৱস্থা লোৱা হ’ব।

Leave a Comment