গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী যাত্ৰীবাহী বাছত উদ্ধাৰ ড্ৰাগছ-জালনোট, ৩ জনক গ্ৰেপ্তাৰ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

দুৰ্গা পূজাৰ আনন্দ-উৎসৱৰ মাজতে মঙলবাৰে নিশা বাক্সা আৰক্ষীয়ে অভিযানত উদ্ধাৰ হয় বৃহৎসংখ্যক নিচাজাতীয় কেপছুল আৰু জালনোট।

লগতে আৰক্ষীৰ জালত পৰে তিনিজনকৈ লোক।

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী এখন যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ কৰে নিচাজাতীয় কেপছুলখিনি৷

জানিব পৰা মতে, মঙলবাৰে নিশা গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী এছ ১৫ চি ৮০৩৮ নম্বৰৰ যাত্ৰীবাহী বাছখনত গোৱালপাৰাৰ মবিদুল ইছলামে ৫২ পেকেট নিচাজাতীয়‌ কেপছুল লৈ আহিছিল।‌

এই বিষয়ে বৰমা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা জানিব পাৰি বৰমা থানাৰ সন্মুখত তালাচী চলাই বাছখনৰ পৰা ৫২টা নিচা জাতীয় দ্ৰব্যৰ পেকেট আৰু নকল দুশ টকীয়া নোটৰ নগদ বিশ হাজাৰ টকাসহ মবিদুল ইছলামক গ্ৰেপ্তাৰ কৰে।

পিছত মবিদুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত অনুসন্ধান চলাই নিশাই বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক‌ উজ্জ্বল প্ৰতিম বৰুৱাৰ নেতৃত্বত বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীতুমণি গোস্বামীৰ সহযোগত গুৱাহাটীৰ পৰা আবু টাহেৰ পৰমাণিক আৰু ৰাছিদ আহমেদক গ্ৰেপ্তাৰ কৰি বৰমা থানালৈ লৈ আহে।

উল্লেখ্য যে আবু টাহেৰ পৰমাণিকৰ ঘৰ দক্ষিণ শালমাৰা আৰু ৰাছিদ আহমেদৰ ঘৰ মণিপুৰত আৰু মবিদুল ইছলামৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে।

Leave a Comment