উচ্ছেদ অভিযানৰ সময়ত দলখকাৰীৰ ওপৰত আক্ৰমণ চলােৱা কেমেৰামেনক গ্ৰেপ্তাৰ, CID ৰ জিম্মাত

নিউজ ডেস্ক। দৰং জিলাৰ ঢলপুৰৰ গৰুখুটিত চলা প্ৰশাসনৰ উচ্ছেদ অভিযানৰ মাজতে সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতে এই সংঘাটৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে সামাজিক মাধ্যমত।

আৰক্ষীৰ লগতে হাতত কেমেৰা লৈ থকা এজন ব্যক্তিয়েও বেদখলকাৰীৰ আক্ৰমণ কৰা দৃশ্যই এতিয়া তোলপাৰ লগাইছে ৰাজ্য।

560-780x458

হাতত কেমেৰা লৈ থকা ব্যক্তিজন সাংবাদিক বুলি চৰ্চা হৈছে সামাজিক মাধ্যমত। কিন্তু প্ৰকৃততে হাতত কেমেৰা লৈ থকা ব্যক্তিজন সাংবাদিকৰ পৰিৱৰ্তে প্ৰশাসনৰ কেমেৰামেন বুলি হে জানিব পৰা গৈছে।

জানিব পৰা মতে তেওঁৰ নাম বিজয় বনিয়া। আৰক্ষী তথা প্ৰশাসনে ঘটনাস্থলীৰ ফটো সংগ্ৰহ কৰিবলৈ লগত লৈ গৈছিল সেই বিজয় বনিয়াক।

ADC পল্লৱী কছাৰীৰ অধীনত আছিল বিজয় বনিয়া। ZONE 3 ৰ ফটো লোৱাৰ দায়িত্বত আছিল বিজয়। এই যুৱকজনে মাটিত অচেতন হৈ পৰি থকা প্ৰতিবাদকাৰীৰ ওপৰত চলােৱা উপৰ্য্যুপৰি আক্ৰমণৰ ভিডিঅ’ই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই সন্দৰ্ভত অসম আৰক্ষীয়ে কঠােৰ ব্যৱস্থা হাতত লৈ ইতিমধ্যে বিজয় বনিয়া নামৰ এই চৰকাৰী কেমেৰামেনজনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যােতি মহন্তই টুইট কৰি কয় যে এই ঘটনাৰ তদন্তৰ দায়িত্ব CID ক অৰ্পণ কৰি এই যুৱকজনক CID ৰ জিম্মাত প্ৰেৰণ কৰা হৈছে।

Leave a Comment