গাে সুৰক্ষা আইনে মুছলমানৰ কােনাে ক্ষতি নকৰেঃ AIUDF বিধায়কৰ দাবী

নিউজ ডেস্ক। ৰাইজৰ দলে গো সুৰক্ষা আইন সন্দৰ্ভত ৰাইজক ভুল পথত পৰিচালিত কৰিছে। এই দাবী জনীয়া সমষ্টিৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামৰ।

গো সুৰক্ষা আইন সন্দৰ্ভত ৰাইজক ভুল পথত পৰিচালিত কৰিব বিচাৰিছে ৰাইজৰ দলে।

এআইইউডিএফ দলে গো সুৰক্ষা আইনৰ পক্ষত আছে বুলি ৰাইজৰ দলৰ একাংশ ভণ্ড নেতাই ভুৱা প্ৰচাৰ চলাই আছে বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে।

বিধায়কগৰাকীয়ে কয়, যদি অখিল গগৈয়ে সঁচাকৈয়ে গো সুৰক্ষা আইনৰ বিৰোধীতা কৰিছে তেন্তে বিধানসভাত মাত নামাতি টােপনি মাৰি আছিল কিয়?

লগতে জনীয়া সমষ্টিৰ ৰাইজৰ দলৰ নেতা আশ্ৰাফুল ইছলামক সমালোচনা কৰি কয় যে, মই ৰাইজৰ দলৰ কোনো নেতাৰ কথামতে বিধানসভাত কথা নকওঁ। মই সমষ্টিবাসীৰ পৰামৰ্শমতেহে বিধানসভাত মাত মাতো।

লগতে বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে কয়, গো সুৰক্ষা আইনে মুছলমানৰ কোনো ক্ষতি নকৰে।

Leave a Comment