গাখীৰেৰে গা ধুলেও থাওৰাত জয়ী হ’ব নোৱাৰে সুশান্ত বৰগোহাঁইয়েঃ অখিল গগৈ…

থাওৰাত বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ।

উপ-নিৰ্বাচনক লৈ চলিছে শাসক-বিৰোধীৰ তুমূল বাকযুদ্ধ।

দেওবাৰে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত চৈধ্যটাকৈ পথৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী পীযূষ হাজৰিকাই থাওৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই হ’ব বুলি একপ্ৰকাৰ স্পষ্ট কৰে।

আনহাতে, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও আগন্তুক উপ–নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ হৈ আৰম্ভ কৰিছে প্ৰচাৰৰ কুচকাৱাজ।

ইয়াৰ মাজতে থাওৰা সমষ্টিৰ বকতাৰ এক সভাত অংশগ্ৰহণ কৰি অখিল গগৈয়ে প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁইক তীব্ৰ কটাক্ষ কৰে৷

সুশান্ত বৰগোহাঁইক কটাক্ষ কৰি অখিল গগৈয়ে কয়- ‘গাখীৰেৰে গা ধুলেও এইবাৰ সুশান্ত বৰগোঁহাইয়ে এইবাৰ থাওৰা সমষ্টিত জয়ী হ’ব নোৱাৰে।’

চৰকাৰী নীতি-নিয়ম ভংগ কৰি বিজেপি চৰকাৰে যিমানেই আধাৰশিলা স্থাপনৰ ৰাজনীতি নকৰক কিয়, যিমানেই উন্নয়ন হ’ব বুলি নাটক নকৰক কিয়, সুশান্ত বৰগোহাঁইৰ বিশ্বাসঘাটকতা থাওৰা সমষ্টিৰ ৰাইজে ভালদৰে বুজি পাইছে আৰু সেইবাবে আগন্তুক উপ-নিৰ্বাচনত সুশান্ত বৰগোঁহাই পৰাস্ত হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে অখিল গগৈয়ে।

Leave a Comment