খেলি থকা অৱস্থাতে সন্ধানহীন হৈছিল কণমানি ভাতৃ নিকু-নিতু, অৱশেষত উদ্ধাৰ নিথৰ দেহ…

এক হৃদয়বিদাৰক ঘটনাই জোকাৰি গৈছে নলবাৰী জিলাক।

একেখন ঘৰৰে দুই কণমানি ভাতৃয়ে প্ৰাণ হেৰুওৱাক লৈ সৃষ্টি হৈছে এক শোকাৱহ পৰিৱেশৰ।

ঘৰৰ চোতালতে খেলি থকা অৱস্থাতে সন্ধানহীন হৈছিল কণমানি ভাতৃ নিতু আৰু নিকু।

অৱশেষত উদ্ধাৰ হ’ল দুই কনমানি ভাতৃ নিতুমণি আৰু নিকুমণিৰ নিথৰ মৃতদেহ।

দুয়ো কন কন ভাতৃৰ নিথৰ মৃতদেহ উদ্ধাৰ হৈছে ঘৰৰ সমীপৰে এটা পুখুৰীত।

নলবাৰী জিলা বাঁহজানীৰ চান্দকুছিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

শনিবাৰে দিনৰ ভাগৰে পৰা নিৰুদ্দেশ হৈ আছিল একেখন ঘৰৰে দুয়োটি শিশু।

পিতৃ দুলাল ডেকা আৰু মাতৃ বিজু ডেকাই শিশু দুটিক সন্ধিয়া ভাগলৈ বিচাৰি নাপাই ভাগৰি পৰাত নিশাই আৰক্ষীৰ কাষ চাপে।

নিশাই ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত সকলো ঠাইতে উদ্ধাৰ অভিযান চলাই যদিও কোনো শুং-সূত্ৰ লাভ নকৰে শিশুদুটিৰ।

অৱশেষত আজি প্ৰথমে উদ্ধাৰ হৈছে নিকুমনিৰ মৃতদেহ।

ঘৰৰ পৰা কিছু দূৰৰ পুখুৰী এটাত ওপঙি থকা অৱস্থাত উদ্বাৰ হয় মৃতদেহটো। লগে লগে নলবাৰী আৰক্ষী আৰু SDRFৰ দল উপস্থিত হৈ অবিযান চলাই একেটা স্থানতে আন নিতুৰো মৃতদেহ উদ্ধাৰ কৰে।

যি ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে শোকাকুল পৰিৱেশৰ।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment