কেৱল চাকৰি আৰু ঠিকা লাভৰ লক্ষ্যৰে দল কৰিলে অসন্তুষ্টি আহিবইঃ ৰণোজ পেগু

শুকুৰবাৰে বিজেপিৰ শিৱসাগৰ জিলা সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে  ময়ূৰ বৰগোঁহাইয়ে।

সুৰ‌ভী ৰাজকোঁৱৰীৰ পৰা দায়িত্ব গ্ৰহণ কৰে বিজেপিৰ যুৱ নেতা ময়ূৰ বৰগোঁহাইয়ে।

অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডা: ৰণোজ পেগু।

মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত বিজেপি কৰ্মীক উদ্দেশ্যি কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয়- ‘কেৱল চাকৰি লাভৰ লক্ষ্য কৰি দল কৰিলে অসন্তুষ্টি আহিবই। জনগণৰ সেৱা কৰাত অধিক গুৰুত্ব দিয়ক। স্বাৱলম্বী হোৱাৰ বাবে বহু চৰকাৰী আঁচনি আছে। কিন্তু বহুতেই আঁচনি সমূহৰ বিষয়ে নাজানেই।’

ঠিকা লাভ কৰাৰ আশাত বিজেপি দলৰ হৈ কাম কৰিবলৈ অহা সকল দলৰ প্ৰকৃত পূৰ্ণকালীন সেৱক নহয় বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

ইপিনে অহা উপ নিৰ্বাচন, পৌৰসভা, পঞ্চায়ত নিৰ্বাচন, ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনত যাতে বিজেপিয়ে সৰ্বাধিক ভোট লাভ তথা আসন দখল কৰিব পাৰে তাৰ বাবে এতিয়াৰে পৰা কাম-কাজ হাতত ল’ব বুলি উল্লেখ কৰে ডা: ৰণোজ পেগুৱে।

Leave a Comment