কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ ২ লাখ পৰিয়ালক চৰকাৰে দিব ম্যাদী পট্টা…

বৃহস্পতিবাৰে কইনাধৰাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

বৈঠকৰ সিদ্ধান্তৰ বিষয়ে দিছপুৰ জনতা ভৱনত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু যোগেন মহনে।

বৈঠকত ভূমিৰ ম্যাদী পট্টা প্ৰদানক লৈ লোৱা হয় গুৰুত্বপূ্ৰণ সিদ্ধান্ত।

ভূমি পট্টাৰ বিষয়ক লৈ যোগেন মহনে কয় যে  ২ লাখ পৰিয়ালক চৰকাৰে ম্যাদী পট্টা দিব।

মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে এই কাম কৰিব পাৰিব৷

Allotment দিয়াৰ লগে লগে নিষ্পত্তিৰ বাবে আবেদন কৰিব পাৰিব ৰাইজে।

মিছন বসুন্ধৰাৰ জৰিয়তে এই মুহূৰ্তলৈকে ১ লাখ ৮২ হাজাৰ ৬০০জন লোকে অনলাইন আবেদন কৰিছে বুলি জানিবলৈ দিয়ে যোগেন মহনে।

আনহাতে কেশৱ মহন্তই কয়-

নামঘৰীয়া আৰু মন্দিৰৰ পূজাৰীসকলক এককালীন সাহাৰ্য্য ১৫ হেজাৰ টকাকৈ দিয়া হ’ব।

কমিটীয়ে স্থায়ীভাৱে নিয়োগ কৰা নামঘৰীয়া আৰু পুজাৰী হ’ব লাগিব।

৫ বছৰ এই বৃত্তিত নিয়োজিত হ’ব লাগিব। নূন্যতম বয়স ৪০ বছৰ হ’ব লাগিব।

প্ৰব্ৰজনকাৰী শ্ৰমিক সকলৰ বাবে ফুড চিকউটিৰ স্কীমৰ দ্ধাৰা ৰেচন প্ৰদান কৰিব। এখনকৈ কাৰ্ড তেওঁলোকক দিয়া হ’ব।

চাহ শ্ৰমিকসকললৈ মেডিকেলৰ কোটা হিচাপে মেডিকেল পঢ়িবলৈ ২৪ জন ছাত্ৰই সুবিধা পাব।

ব্ৰহ্মপুত্ৰত উপত্যকাত ১৮ জন। বৰাক উপত্যকাত ৬ জন।

অহা ২২ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ এসপ্তাহৰ কাৰ্যসূচীৰে ভেকচিনৰ বাবে ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰা হ’ব।

মুখ্যমন্ত্ৰী আৰু মুখ্য সচিৱ আৰু মন্ত্ৰী, বিধায়কৰ লগতে বিষয়াসকলে এটা এটা ভোটকেন্দ্ৰেত ৰাইজে ভেকচিন লাভ কৰিছে নাই খবৰ ল’ব।

স্থাস্থ্য বিভাগৰ মুখ্য বিষয়া নিৰ্বাচন সেইয়া এ পি এচ চি সলনি মুখ্য সচিবক লৈ কমিটী গঠন হ’ব।

মাইক্ৰফাইনেঞ্চৰ ঋণৰ আঁচনিৰ ধন বেংকৰ লগত লেনদেন কৰি থকা সকললৈ নৱেম্বৰৰ ২৮,২৯ আৰু ৩০ তাৰিখে চেক প্ৰদান কৰা হ’ব।

৯ খন জিলাত প্ৰথমে চেক বিতৰণ কৰা হ’ব।

প্ৰতিমাহে ৮-৯ খনকৈ জিলাত ১১ লাখ মহিলাক এই আঁচনী প্ৰদান কৰা হ’ব।

Leave a Comment