কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প দাসক নিলম্বন।
৪০ কোটি বিত্তীয় অনিয়মৰ অভিযোগত নিলম্বন কৰা হৈছে কন্দৰ্প দাসক।
ৰাজ্যপাল জগদীশ মুখীৰ নিৰ্দেশনাৰ ভিত্তিত উপাচাৰ্যগৰাকীক নিলম্বন কৰা হয়।
গুৱাহাটি বিশ্ববিদ্যালয়ৰ আইড’ল (IDOL) কেলেংকাৰিত জড়িত থকাৰ অভিযোগত উপাচাৰ্য দাসক নিলম্বন কৰা হৈছে।
২০০৬ৰ পৰা ২০১৬ বৰ্ষলৈ দুটা কাৰ্যকালৰ বাবে গুৱাহাটী বিশ্ববিদ্যাল (আইডল)ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কন্দৰ্প দাসে।
২০২০ৰ মাৰ্চ মাহত কন্দৰ্প দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল।
উল্লেখ্য যে, ২০১১ ৰ পৰা ২০১৬-১৭ লৈকে ইউ জি চিৰ অনুমোদন নকৰাকৈ ২৩ টা পাঠ্যক্রমৰ শিক্ষা আৰম্ভ কৰিছিল আইড’লে৷
স্নাতকোত্তৰ কাৰ্যসূচীৰ অধীনত আঠটা পাঠ্যক্ৰম, পিজি ডিপ্লমা কাৰ্যসূচীৰ অধীনত আঠটা, স্নাতকৰ অধীনত চাৰিটা পাঠ্যক্ৰম আৰু এটা ডিপ্লমা কাৰ্যসূচী আৰু দুটা প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ বাবে অনুমোদন লোৱা নাছিল।









