উৎকোচ লৈ মঙলদৈত হাতে-লোটে গ্ৰেপ্তাৰ খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়া।
গ্ৰেপ্তাৰ হোৱা মহিলা কৃষি উন্নয়ন বিষয়াগৰাকীৰ নাম জ্যোতিৰেখা দাস।
উপভোক্তাৰ পৰা ৫੦ হাজাৰ টকা গ্ৰহণ কৰোতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় বিষয়াগৰাকী।
দুৰ্নীতি অৰ্থনৈতিক অপৰাধ নিয়ন্ত্ৰণ শাখাৰ হাতত গ্ৰেপ্তাৰ বিষয়াগৰাকী।
কৃষকক ধান ক্ৰয় চাৰটিফিকেট দিয়াৰ নামত লৈছিল ধন ।
স্কুটিৰে আহি ধন লৈ থাকোতে মঙ্গলদৈ শান্তিপুৰত পথৰ উপৰতে গেপ্তাৰ ।
বিষয়াগৰাকীৰ পৰা জব্দ কৰা হৈছে নগদ ১৫ হাজাৰ টকা।
ইতিমধ্যে ঘোচ লোৱা বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি জেৰাৰ বাবে বিষয়াসকলে লৈ গৈছে।









