অসমঅসমীয়া

কুখ্যাত অপৰাধী বাবুল লাহন, প্ৰভাত গগৈক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ৰাজ্যজুৰি অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

এইবাৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত অপৰাধী বাবুল লাহন তথা সহযােগী প্ৰভাত গগৈ।

জানিব পৰা মতে, যোৰহাট জিলাৰ লাহদৈগড় আৰু টীয়ক আৰক্ষীৰ যুটীয়া অভিযানত চেনিজানস্থিত ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত অপৰাধী বাবুল  লাহনক।

4ec6dac26e8e50983e22611e09a8be541633264228

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে 7.65 এম এম বিদেশত নিৰ্মিত এটা পিষ্টল।

উল্লেখযোগ্য যে ডকাইতি, হত্যাৰ দৰে বহু অপৰাধজনিত ঘটনাৰে জড়িতৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাবুল লাহন আৰু সহযোগী প্ৰভাত গগৈক।

আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button