কুকি উগ্ৰপন্থীৰ সন্ত্ৰাসঃ গুলীয়াই হত্যা কৰিলে এজন নাবালকসহ আন ৩জনক…

 মণিপুৰৰ কাংপোকপি জিলাত চাঞ্চল্যকৰ ঘটনা।

কুকি উগ্ৰপন্থী বুলি সন্দেহ কৰা আক্ৰমণকাৰীয়ে এমপি খুলেন গাঁৱৰ মুৰব্বী আৰু এজন নাবালক সহ চাৰিজনক গুলীয়াই হত্যা।

ইয়াৰ পিছতে মণিপুৰৰ কাংপোকপি জিলাৰ বি গামনম অঞ্চলত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, দেওবাৰে মাফৌ বান্ধ অঞ্চলত সংঘটিত এক সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীবৰ্ষণত নিহত হোৱা চাৰিজন কুকি উগ্ৰপন্থীৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ গাওঁবাসীয়ে এখন সভা অনুষ্ঠিত কৰি আছিল।

তেতিয়াই আক্ৰমণকাৰীসকলে হঠাতে গুলীচালনা কৰে।

সম্প্ৰতি আক্ৰমণকাৰীসকলক বিচাৰি উলিওৱাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় বাহিনীৰ দ্বাৰা এক বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে।

আনহাতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে।

Leave a Comment