শোকাবহ! অল্ট’ বাহনেৰে সংঘৰ্ষৰ পিছত বৰাক নৈত বাগৰি পৰিল যাত্ৰীবাহী উইংগাৰ বাহন, ২ জনৰ মৃত্যু

নিউজ ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰৰ সেনাপতি জিলাত মঙলবাৰে পুৱা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু ঘটাৰ লগতে আন কেইবাজনো লোক আহত হয়।

জানিব পৰা মতে, পুৱা প্ৰায় ৭ বজাত সেনাপতি জিলাৰ কাৰোং দলং আৰু মাউণ্ট জিয়ন ছিনিয়ৰ চেকণ্ডাৰী স্কুলৰ মাজত এখন উইংগাৰ আৰু এখন অল্ট’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

এই দুৰ্ঘটনাৰ ফলত যাত্ৰীবাহী উইংগাৰখন নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নৈত বাগৰি পৰাত বাহনখনৰ ভিতৰত থকা দুজন লোক নিহত হোৱাৰ লগতে আন ১১ জন আহত হয়।

manipur
শোকাবহ! অল্ট’ বাহনেৰে সংঘৰ্ষৰ পিছত বৰাক নৈত বাগৰি পৰিল যাত্ৰীবাহী উইংগাৰ বাহন, ২ জনৰ মৃত্যু 2

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত উইংগাৰ বাহনখনত আছিল মুঠ ১৩ জন যাত্ৰী। আহত লোক কেইজনক ততাতৈয়াকৈ সেনাপতি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

নিহত দুজন বিহাৰৰ ৭নং তেত্ৰি ৱাৰ্ডৰ ৰাম ছেবক সাহনীৰ এজন পুত্ৰ মুন্না কুমাৰ (৩২) আৰু উত্তৰ প্ৰদেশৰ বৰহান কুশীনগৰ ৰামপুৰৰ সাধু শৰ্মাৰ পুত্ৰ মুন্না কুমাৰ শৰ্মা (২৪) বুলি চিনাক্ত কৰা হৈছে।

মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে জেএনআইএমএছৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে।

পৰৱৰ্তী তদন্তৰ বাবে সেনাপতি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।