কিয় হ’বলৈ পালে নিমাতীঘাটৰ নাও দুৰ্ঘটনা, তাৰ উচিত বিচাৰ হওকঃ জুবিন গাৰ্গ…

নিমাতীঘাটৰ নাও দুৰ্ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।

বোকাখাতৰ নিকৰিঘাটৰ পৰা নিমাতিলৈ চলিছে SDRFৰ অভিযান।

এচ ডি আৰ এফ বাহিনীৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে ধনশিৰি আৰু ব্ৰহ্মপু্ত্ৰৰ বুকুত বিয়লি ৫ বজালৈকে চলিব এই অভিযান।

ইতিমধ্যে ঘটনাস্থলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়াৰ লগতে আগন্তুক ৪ বছৰৰ ভিতৰত দলং নিৰ্মাণ হ’ব বুলি প্ৰতিশ্ৰুতি দিছে।

নিমাতীঘাটৰ শোকাৱহ দুৰ্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে।

ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুখৰ লগতে ক্ষোভ প্ৰকাশ কৰিলে জুবিনে।

লগতে ঘটনাৰ উচিত তদন্তৰ লগতে সকলো কুশলে থকাৰ বাবে প্ৰাৰ্থনা শিল্পীগৰাকীৰ।

জুবিনে লিখিছে—‘What can I say? It’s almost a day since it happened and I am still not able to write or say anything. I cannot explain this pain. All I can say is that I am there, and I will be.

সকলো কুশলে থাকক৷ আগলৈ এনেকুৱা যাতে নহয়, সেইটো নিশ্চিত কৰক৷ এনেকুৱা কিয় হ’বলৈ পালে, তাৰ উচিত বিচাৰ হওক৷

মাজুলী মোৰ নিজৰ ঠাই৷ মই আছোঁ সদায় লগত৷’

Leave a Comment