কাজিৰঙাৰ ৭০ শতাংশ অঞ্চল জলমগ্ন, বিভাগীয় হাতীসমূহক সুৰক্ষিত স্থানলৈ স্থানান্তৰ…

কাজিৰঙাত অপৰিবৰ্তিত বান পৰিস্থিতি।

ভদীয়া বানৰ কৱলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ২২৩ টা বনশিবিৰৰ ভিতৰত ১২৫ টা শিবিৰেই বৰ্তমানেও জলমগ্ন।

বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ ৭০ শতাংশ অঞ্চল জলমগ্ন হৈ আছে।

উদ্যানখনৰ ওখ স্থান সমুহৰ বাদে অধিকাংশ এলেকাই এতিয়া বানৰ কৱলত৷ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়া পাহাৰ, বাগৰি ,কহঁৰা,অগৰাতলিৰ লগতে উত্তৰ পাৰ বনাঞ্চলো বৰ্তমান বাঢ়নি পানীৰ কৱলত।

আনহাতে পৰ্যটক পথ,পেট্ৰলিং পথ সকলো এতিয়া পানীৰ তলত ৷ যাৰবাবে বনকৰ্মী সকলে নাৱেৰে পালন কৰিছে নিজৰ কৰ্তব্য।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ সমান্তৰালকৈ সুৰক্ষা দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় হাতীসমূহক।

বন্যপ্ৰাণীৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অবৈতনিক কৰ্মচাৰী হিচাপে নিয়োজিত ৬৫ টা বিভাগীয় হাতী উদ্যানৰ ভিতৰৰ পৰা স্থানান্তৰ কৰা হৈছে উদ্যানৰ বাহিৰলৈ।

বৰ্ধিত বান সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বানপানীৰ প্ৰভাৱ পৰা সকলো বনশিবিৰৰ পৰা বিভাগীয় হাতী সমূহ উলিয়াই আনি কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰৰ নামনিত আশ্ৰয় দিছেহি উদ্যানৰ হাতী মাউতসকলে।

Leave a Comment