নিউজ ডেস্ক। মূল্যবৃদ্ধি ৰােধৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ একাংশ নেতাই জনসাধাৰণক কিছুমান উদ্ভট পৰামৰ্শ দিয়া পৰিলক্ষিত হয়।
নিজেই তেনে পৰামৰ্শ অনুকৰণ নকৰা নেতাই কিন্তু জনসাধাৰণৰ পৰা তেনে পৰামৰ্শৰ পালন কৰাটাে অপেক্ষা কৰে।
শেহতীয়াকৈ ভাৰততাে শাসনাধিষ্ঠিত দলৰ মন্ত্ৰী-নেতাই তেনে উদ্ভট মন্তব্য কৰা কাৰ্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অৱশ্যে মূল্যবৃদ্ধিয়ে ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ শ্ৰীলংকা তথা পাকিস্তানতাে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
বিশেষকৈ বিদেশৰ পৰা বিপুল পৰিমাণৰ ঋণ লৈ ভয়াৱহ সংকটৰ দিশে গতি কৰিছে পাকিস্তানে।
দেশখনত দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ উপৰিও খাদ্য সামগ্ৰীৰ মূল্যও আকাশচুম্বী। তেনে সময়তে এজন পাকিস্তানী চৰকাৰৰ মন্ত্ৰীৰ ৰাজহুৱা মন্তব্যই সকলোকে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বৰ্ধিত মুদ্ৰাস্ফীতিৰ পৰিপ্ৰেক্ষিতত ফেডাৰেল পিঅ’কে আৰু গিলগিট-বাল্টিস্তান পৰিক্ৰমা মন্ত্ৰী আলী আমিন গাণ্ডাপুৰে চাহত কম চেনী দি আৰু কমকৈ ৰুটি খাই মানুহক জীয়াই থাকিবলৈ পৰামৰ্শ দিছে।
তেওঁৰ এই বক্তব্য বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
মূল্যবৃদ্ধিৰ বিতৰ্কৰ সময়ত এক সমাৱেশক সম্বোধন কৰি আলী আমিনে জাতীয়তাবাদৰ আহ্বান জনায় আৰু জনসাধাৰণক কয়, “যদি মই চাহত সদায় ১০০ টা চেনী দিওঁ আৰু তাৰে যদি নটা কম দিওঁ, তেন্তে চেনী কম মিঠা হ’ব নেকি? আমি আমাৰ দেশৰ বাবে, আমাৰ আত্মনিৰ্ভৰশীলতাৰ বাবে ইমান ত্যাগ কৰিব নোৱাৰোঁনে? যদি মই এশ ভোজন ৰন্ধন কৰি খাওঁ, মই ইয়াক নটা ভোজন হ্ৰাস কৰিব নোৱাৰোনে?”
NRI Herald Australia reports: #Pakistan ministers “Ali Amin Gandapur” and “Shaukat Yusifzai” have suggested the public to cut down their meals from 2 “rotis” a day to 1 to control inflation.
— NRI Herald (@nriherald) October 12, 2021
Apparently Pak’s food inflation is about to reach 10% & IMF has asked PAK to inc taxes. pic.twitter.com/fhbFSL52tJ
উল্লেখ্য যে পাকিস্তানৰ নেতাই পাকিস্তানৰ জনতাক কম খাদ্য খাবলৈ পৰামৰ্শ দিয়া ঘটনা এইটো প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফেও জনসাধাৰণক একে ধৰণৰ পৰামৰ্শ দিছিল।
দৰাচলতে, পাকিস্তানে ১৯৯৮ চনত প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। পাকিস্তানৰ সেই পৰীক্ষাই দেশখনক পশ্চিমীয়া শক্তিৰ দ্বাৰা অৰ্থনৈতিক নিষেধাজ্ঞাৰ ভাবুকি দিছিল। এই ভাবুকিৰ পৰিপ্ৰেক্ষিতত নৱাজ শ্বৰীফে ৰেডিঅ’ত জনতাক সম্বোধন কৰি কৈছিল যে “আপোনালোক কেৱল এটা আহাৰ খাবলৈ সাজু থাকিব লাগিব আৰু মই এই সমস্যাত আপোনালোকৰ সৈতে থাকিম।”
ইয়াৰোপৰি প্ৰধানমন্ত্ৰী ইমৰান খানে বৰ্ধিত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ পঞ্জাৱ আৰু খাইবাৰ পাখতুনখোৱাৰ বজাৰ সমিতি ভংগ কৰিছিল।
দৰাচলতে, এই দুয়োখন ৰাজ্যত দুৰ্নীতিৰ বহুতো অভিযোগ আছিল। ইমৰানে যোৱা মাহত ইছলামাবাদত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ওপৰত এখন বৈঠকত সভাপতিত্ব কৰাৰ সময়ত এই সিদ্ধান্ত লৈছিল।
শেহতীয়াকৈ, আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএমএফ)ৰ পৰিচালন সঞ্চালক ডমিনিক ষ্ট্ৰাছ কানেও পাকিস্তানৰ ওপৰত এক বিবৃতি দিয়ে। তেওঁ কয় যে পাকিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি উদ্বেগজনক আৰু এই মুহূৰ্তত ইয়াক চাপমুক্ত দেশ বুলি ক’ব নোৱাৰি। অৱশ্যে, তেওঁ অৰ্থনৈতিক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পাকিস্তান চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।









