অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ (এ আই ডি চি) উপ মহাপ্ৰৱন্ধক জ্যোতিৰ্ময় বৰ্মনক নিলম্বন।
শেহতীয়াকৈ বিসংগতি আৰু কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে।
এ.আই.ডি.চি.ৰ পৰিচালনা সঞ্চালকে ১৬ ছেপ্টেম্বৰত জাৰী কৰা এক চৰকাৰী জাননীত উল্লেখ কৰিছে যে পৰিচালক মণ্ডলীৰ এখন বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি, বৰ্মনক এ.আই.ডি.চি. কৰ্মচাৰী আচৰণ, অনুশাসন আৰু আপীল নিয়ম, ১৯৮৫-ৰ নিয়ম ২০ অনুসৰি বিভাগীয় প্ৰক্ৰিয়াৰ জৰিয়তে তাৎক্ষণিক ভাৱে নিলম্বন কৰা হৈছে।
জানিব পৰা মতে, বৰ্মনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল।
কিন্তু বৰ্মনে নিৰ্দিষ্ট সময়ৰ ভিতৰত এই জাননীৰ সঁহাৰি দিয়াত বিফল হোৱাৰ বাবে, এ আই ডিচি পৰিচালক মণ্ডলীয়ে তেওঁলোকৰ ৩০২ সংখ্যক বৈঠকত বৰ্মনক নিলম্বন কৰাৰ নিৰ্দেশ দিয়াৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰে।
বৰ্মনৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আৰোপ কৰা হৈছে।
যাৰ ভিতৰত আছে এ আই ডি চিৰ সচিবক মিছা টোকা দাখিল কৰা, আৰু নিগমৰ নিয়োগ প্ৰক্ৰিয়াত পলম কৰি নিগমৰ কামত বাধা প্ৰদান আদি।









