এবস্তা চিমেন্টে ভাগ্য সলনি কৰিলে এগৰাকী ব্যক্তিৰ, বস্তাৰ ভিতৰত পালে লাখ টকা…

ভাগ্যই লগ দিলে অসম্ভৱ কথাও সম্ভৱ হৈ পৰে।

এবস্তা চিমেন্টে ভাগ্য সলনি কৰিলে ৰহাৰ এগৰাকী ব্যক্তিৰ।

নগাঁও জিলাৰ ৰহাৰ এগৰাকী ব্যক্তিৰ ভাগ্য সুপ্ৰসন্ন হোৱাৰ বাবেই ৪৪০ টকাৰ চিমেন্টৰ বস্তা ক্ৰয় কৰি লাভ কৰিলে এক লাখ টকা।

ৰহা সমষ্টিৰ অন্তৰ্গত আমতলা পঞ্চায়তৰ চৰাইজুৰীয়াৰ ছাদ্দাম হুছেইন নামৰ ব্যক্তিজনে ৰহাৰ পুৰণা চাৰিআলিৰ লক্ষ্মী হাৰ্ডৱেৰৰ পৰা শনিবাৰে ব্লেক টাইগাৰ নামৰ চিমেন্টৰ এটা বস্তা ক্ৰয় কৰিছিল।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

পিছত বস্তাটো ফালোঁতে তাৰ ভিতৰত ছাদ্দামে লাভ কৰে এক লাখ টকাৰ এটি কুপন।

উল্লেখ্য যে ব্লেক টাইগাৰ চিমেন্ট কোম্পানীয়ে চিমেন্টৰ বস্তাৰ ভিতৰত গ্ৰাহকৰ বাবে কুপন প্ৰদান কৰিছে।

তেনে এখন কুপনৰ জৰিয়তে শনিবাৰে ছাদ্দামে ৪৪০ টকা খৰচ কৰি লাভ কৰিলে এক লাখ টকাৰ পুৰস্কাৰ।

লগতে চাওকঃ পেট্ৰ’লৰ মূল্য ৪੦੦ টকা লিটাৰ হ’লে বাইকৰ ওপৰত ছাদ ৰাখিব পাৰিবনে গৰাকীয়ে? ভবেশ কলিতালৈ প্ৰশ্ন জনপ্ৰিয় কবি কুমাৰ বিশ্বাসৰ

Leave a Comment