এবছৰৰ ভিতৰত পূৰণ কৰা হ’ব শিক্ষা বিভাগৰ সকলো খালী পদঃ ৰণোজ পেগু

মহাবিদ্যালয়সমূহত খালী হৈ থকা পদ শীঘ্রেই পূৰণ কৰা হ’ব৷

ইতিমধ্যে ১০০০ শিক্ষক পদ পূৰণৰ বাবে আৰম্ভ হৈছে প্রক্রিয়া৷ 

এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

মন্ত্রীগৰাকীয়ে লগতে কয়- কলেজ শিক্ষকৰ খালী পদ পূৰণৰ ক্ষেত্রত বিভাগে বিশেষ তৎপৰতা আৰম্ভ কৰি অহা ১০ দিনৰ ভিতৰতে ১৫০গৰাকী কলেজ শিক্ষকক নিযুক্তি দিয়াৰ কাম প্রায় সম্পূর্ণ কৰিছে৷

সমান্তৰালভাৱে উচ্চতৰ মাধ্যমিকৰ খালী শিক্ষকৰ পদ পূৰণৰ বাবেও ইতিমধ্যে প্রকাশ কৰা হৈছে বিজ্ঞাপন৷ অহা এবছৰৰ ভিতৰত সকলো খালী পদ পূৰণ কৰা হ’ব৷

উল্লেখ্য যে ৰাষ্ট্রীয় শিক্ষা নীতি কার্যকৰী কৰাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে প্রাৰম্ভিক প্রস্তুতি৷ সেইমর্মে ৰাজ্যত বিভিন্ন সংগঠনৰ সৈতে শিক্ষা বিভাগে আলোচনাৰ জৰিয়তে ৰাষ্ট্রীয় শিক্ষা নীতি কার্যকৰী কৰাৰ ক্ষেত্রত গ্রহণ কৰিছে পৰামর্শ৷

Leave a Comment