
নিউজ ডেস্ক। ৰাইজে নখ জোকাৰিলে নৈ বয়। এই আপ্ত বাক্যশাৰী আখৰে আখৰে পালন হল চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ফেক জিলাত।
এখন গাঁৱৰ ৰাইজে মিলি সাজি উলিয়ালে এখন প্ৰকাণ্ড ইন্দোৰ ষ্টেডিয়াম। গাঁওবাসীৰ সুপৰিকল্পনা আৰু কঠোৰ পৰিশ্ৰমৰ ফলতেই আজি সম্পূৰ্ণ হৈ উঠিছে ষ্টেডিয়ামখন।

ফেক জিলাৰ থিপুজু গাঁৱৰ ৰাইজে অঞ্চলটোত ক্ৰীড়াৰ পৰিবেশ গঢ়ি তোলাৰ স্বাৰ্থত এখন ষ্টেডিয়ামৰ প্ৰয়োজন সদায়েই অনুভৱ কৰি আহিছিল।
কিন্তু জনপ্ৰতিনিধি, মন্ত্ৰী-বিধায়কে ষ্টেডিয়াম নিৰ্মাণত কোনো গুৰুত্ব প্ৰদান নকৰাত অৱশেষত গাঁওবাসীয়ে নিজেই মিলি ইন্দোৰ ষ্টেডিয়াম এখনৰ নিৰ্মাণৰ সিদ্ধান্ত লয়।

সেই অনুসৰি এক সু-পৰিকল্পনা প্ৰস্তুত কৰি পূৰ্ণদ্যমে কামত লাগে থিপুজু গাঁৱৰ ৰাইজে।
২৩০ জন লোকে অৰণ্যৰ মাজৰ পৰা বাঁহ কাটি নিৰ্দিষ্ট স্থানলৈ কঢ়িয়াই অনাত নিয়োজিত হয়।
আনহাতে ৩০ জন লোকে দিন-ৰাতি একাকাৰ কৰি সেই বাঁহেৰে ষ্টেডিয়ামৰ ৰূপ দিয়াৰ কাম আৰম্ভ কৰে।

গাঁওবাসীৰ এই প্ৰচেষ্টা আৰু ১৫ দিন ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ অন্তত অৱশেষত সম্পূৰ্ণ হয় বাঁহেৰে নিৰ্মিত ইন্দোৰ ষ্টেডিয়ামখন।
২১০×২১০ বৰ্গফুটৰ ৫ হাজাৰ খন আসন বিশিষ্ট এই ষ্টেডিয়ামখন সম্পূৰ্ণ হওঁতে প্ৰয়োজন হয় প্ৰায় এহেজাৰ ডাল বাঁহ।
নাগালেণ্ডৰ এখন সৰু গাঁৱৰ গাঁওবাসীয়ে শ্ৰম দানেৰে সাজি উলিওৱা এই ইন্দোৰ ষ্টেডিয়ামখন এতিয়া ৰাজ্যখনৰ বাবে আকৰ্ষণৰ বিষয় হৈ পৰিছে।
লগতে গাঁওবাসীৰ এই প্ৰচেষ্টাই সামাজিক মাধ্যমতো এতিয়া চৰ্চা লাভ কৰিছে।
লগতে চাওকঃ
লাভলীনা, মীৰা বাই চানুৰ ফটো সম্বলিত আলোচনী পঢ়ি মটৰচাইকেল ষ্টাণ্ট BSFৰ মহিলা জােৱানৰ

ঘৰৰ ল’ৰা উভতিল ঘৰলৈ! চীনা সেনাই মুকলি কৰি দিলে মিৰামক…
