কেবিনেট বৈঠকঃ মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে মাত্ৰ ২ মিনিটৰ বাবেহে ৰখাব পাৰিব জনসাধাৰণৰ গাড়ী

বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

এতিয়াৰে পৰা মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে মাত্ৰ ২ মিনিট সময়ৰ বাবেহে ৰখাই থব পাৰিব জনসাধাৰণৰ বাহন।

এম্বুলেন্সক কোনো কাৰণতে ৰাখিব নোৱাৰিব

মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটী মহানগৰত থাকিব কেৱল ৬ খন বাহন।

আনহাতে গুৱাহাটীৰ বাহিৰত মুখ্যমন্ত্ৰীৰ কনভয়ত থাকিব ১২ খন বাহন।

সকলো চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু কোনো চৰকাৰী বিষয়াক সম্বৰ্ধনা জনোৱা নহ’ব৷অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীৰ বিষয়টো পৃথক।

জিলা পৰ্যায়ত মন্ত্ৰীসকলে কেৱল সম্বৰ্ধনাৰ নামত গছপুলি ৰোপন কৰিব পাৰিব।

বাজেট বৰ্হিভূত কোনো আঁচনি মন্ত্ৰীয়ে ঘোষণা কৰিব নোৱাৰিব৷

তামুলপুৰ জিলাক কেবিনেটৰ জিলা হিচাপে অনুমোদন।

প্ৰত্যেক জিলাৰ প্ৰতিষ্ঠাৰ দিনটো জিলা দিৱস হিচাপে উদযাপন কৰা হ’ব।

১০ মাৰ্চৰ পূবে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ।

পৌৰসভা নিৰ্বাচনৰ পিছতেই হ’ব পৌৰ নিগমৰ নিৰ্বাচন।

১৪ মাৰ্চৰ পৰা বাজেট অধিবেশনৰ বাবে ৰাজ্যপালক অনুৰোধ।

জল জীৱন মিছন ক্ষিপ্ৰতাৰে সমাপ্ত কৰিবলৈ নিৰ্দেশ আৰু সকলো অভিভাৱক মন্ত্ৰীক নিৰীক্ষণৰ নিৰ্দেশ কেবিনেটৰ।

ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত বিতং আলোচনা হৈছে। এইক্ষেত্ৰত উপায়ুক্ত,কৃষি বিভাগ,যোগান বিভাগ আদিৰ সৈতে বিতং আলোচনা হ’ব।

নতুন ক’ভিড SOP সন্দৰ্ভত ৩০ জানুৱাৰীৰ পিছত পৰ্যালোচনা কৰা হ’ব। আৰু পৰৱৰ্তী কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

১ ফেব্ৰুৱাৰীলৈকে SOPৰ কোনো সাল-সলনি নহয়।

স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে যুটীয়াভাৱে এক সংবাদ মেল সম্বোধন কৰি কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰিছে।

Leave a Comment