চলন্ত বাইকত লাভলীনাৰ ফটোৰ সম্বলিত আলোচনী পঢ়ি ষ্টাণ্ট কৰি চমক BSFৰ মহিলা জােৱানৰ

নিউজ ডেস্ক। দেশৰ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসৰ পেৰেডত বুধবাৰে নতুন দিল্লীত সীমান্ত সুৰক্ষা বাহিনীৰ সীমা ভৱানী মটৰচাইকেল দলে উপস্থিত সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়।

ইন্সপেক্টৰ হিমাঞ্চি চিৰোহীৰ নেতৃত্বত সৰ্বমহিলা দলটোৱে মটৰচাইকেলৰ ওপৰত ডাবল-বেক ৰাইডিঙকে ধৰি বিভিন্ন ষ্টাণ্ট প্ৰদৰ্শন কৰি দৰ্শকৰ মন আপ্লুত কৰে।

FKB4-TSta-AAQFblm

এই সময়তে মহিলা আৰক্ষী দলটোৰ এগৰাকী সদস্য অনিতা ভাৰতীয়ে মটৰ চাইকেল চলাই থকাৰ সময়তে “ইণ্ডিয়া টুডে”ৰ এখন আলোচনী পঢ়ি থকা পৰিলক্ষিত হয়।

উল্লেখ্য যে, “মহিলা শক্তি”ক বিষয়বস্তু হিচাপে লৈ প্ৰকাশিত আলোচনীখনৰ সেই শিতানটোৰ বেটুপাতত ক্ৰীড়াবিদ মিৰাবাই চানু, লাভলীনা বৰগোঁহাই আৰু পিভি সিন্ধুৰ আলোকচিত্ৰ আছিল।

FKCP-fg-UUAQPh3-A

পেৰেডৰ অন্তত ইণ্ডিয়া টুডেৰ সৈতে বাৰ্তালাপ কৰি অনিতা ভাৰতীয়ে কয়, “আলোচনীখন পঢ়ি থকাৰ সিদ্ধান্ত আমাৰ দলৰ অধিনায়ক হিমাঞ্চি চিৰোহীয়ে লৈছিল। আমি এইবাৰ কিবা অভিনৱ কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ।”

হিমাঞ্চী চিৰোহীয়ে লগতে কয়, “বাইক চলোৱা আৰু ষ্টাণ্ট কৰাটো সহজ নহয়। আমি মহিলা সশক্তিকৰণৰ চিত্ৰায়ন কৰিব বিচাৰিছিলো। ইয়াৰে অংশ স্বৰূপে আমি বাইক চলাই ইণ্ডিয়া টুডে আলোচনীখন পঢ়াৰ সিদ্ধান্ত লৈছিলোঁ। আলোচনীখনৰ বেটুপাতত মহিলা সশক্তিকৰণ প্ৰদৰ্শন কৰা হৈছিল আৰু সেইকাৰণে মই সিদ্ধান্ত লৈছিলো যে আমাৰ দলটোৱে আলোচনীখন অংশ হিচাপে লব লাগে।”

উল্লেখ্য যে, সীমা ভৱানী দলটো ২০১৬ চনত গঠন কৰা হৈছিল আৰু ২০১৮ চনত প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰিছিল। গণতন্ত্ৰ দিৱসৰ পেৰেডত বুধবাৰে দ্বিতীয় বাৰৰ বাবে অংশ লয় দলটোৱে।

প্ৰণিধানযোগ্য যে, ভাৰতে এই বছৰ ইয়াৰ ৭৩ তম গণতন্ত্ৰ দিৱস উদযাপন কৰিছে।

দিল্লীৰ ৰাজপথত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত ১৬ টা মাৰ্চিং দল, ১৭ টা সামৰিক বেণ্ড আৰু বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, বিভাগ আৰু সশস্ত্ৰ বাহিনীৰ ২৫ টা প্ৰতীকপট প্ৰদৰ্শন কৰা হয়।

Leave a Comment