একাংশ বিজেপি নেতাৰ প্ৰৰোচনাৰ বাবেই সংঘটিত হৈছে ধলপুৰ কাণ্ডঃ ৰকিবুল হুছেইন

গৰুখুঁটিৰ উচ্ছেদক লৈ ৰাজ্যত এতিয়াও অব্যাহত আছে উত্তেজনা।

উচ্ছেদৰ সময়ত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি চৰকাৰ প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে।

গৰুখুঁটিৰ ঘটনাক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে।

‘বিজেপি নেতাৰ প্ৰৰোচনাৰ বাবেই সংঘটিত হৈছে ধলপুৰ কাণ্ড৷ বিজেপি নেতাই উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰকাশ কৰিছিল উত্তেজনামূলক মন্তব্য।’

‘অসমীয়াৰ অস্তিত্ব বিপন্ন কৰা ভাষ্য বাৰে বাৰে উচ্চাৰিত কৰিছিল চৰকাৰী পক্ষই৷ যি ভাষ্যৰ জৰিয়তে প্ৰভাৱিত হৈছিল ফটোগ্ৰাফাৰজনৰ দৰে লোক৷ ফটোগ্ৰাফাৰজন দোষী নহয়, দোষী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷’

এই মন্তব্য কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ।

ইপিনে, PFI তথা অন্যান্য দালালে ধন সংগ্ৰহ কৰা সন্দৰ্ভত উঠা অভিযোগৰ প্ৰত্যুত্তৰত ৰকিবুল হুছেইনে কয়- যদি চৰকাৰ অৱগত আছিল তেন্তে কিয় পূৰ্বে ব্যৱস্থা গ্ৰহণ নকৰিলে৷ যদি গম পোৱা নাছিল তেন্তে চৰকাৰ ব্যৰ্থ বুলি প্ৰমাণিত হৈছে।

লগতে হুছেইনে কয়- AIUDF জন্ম নহ’লে এই সমস্যাৰ সৃষ্টি নহ’লহেঁতেন। কংগ্ৰেছ–AIUDFৰ মিত্ৰতা এটা ডাঙৰ ভুল আছিল।

Leave a Comment