এইবাৰ অস্ত্ৰ ত্যাগ কৰি গৃহাভিমুখী নৱগঠিত ULB ৰ কেডাৰ, ভিডিঅ’ টুইট মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক। বড়ােভূমিৰ দীৰ্ঘস্থায়ী শান্তিৰ ক্ষেত্ৰত এক সফলতা চৰকাৰৰ।

ৰাজ্যত ৰক্তক্ষয়ী আন্দােলনৰ হুংকাৰ দিয়া নৱগঠিত ইউনাইটে লিবাৰেচন অব্ বড়ােলেণ্ড চমুকৈ ULB য়ে সশস্ত্ৰ আন্দােলন ত্যাগৰ ঘােষণা কৰিছে।

মূলতঃ অসম তথা ভাৰত চৰকাৰৰ সৈতে আলােচনাৰ জৰিয়তে তেওঁলােকৰ দাবী পূৰণৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লৈছে সংগঠনটােৱে।

সেয়ে বনাঞ্চলৰ গােপন ঠিকনাৰ পৰা দলে-বলে ৰলৈ উভতিছে ULBৰ কেডাৰসকল।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিলে গৃহাভিমুখী ULB কেডাৰৰ ভিডিঅ’। চাওক ভিডিঅ’

ভিডিঅ’টােত স্বগৃহ অভিমুখী ইউ এল বি কেডাৰসকলে সাধাৰণ তথা সামৰিক পােছাক পৰিধান কৰা পৰিলক্ষিত হৈছে।

মুখ্যমন্ত্ৰীয়ে টুইটৰ জৰিয়তে এই অস্ত্ৰ ত্যাগ কৰা ইউ এল বিৰ কেডাৰসকলক আদৰণী জনােৱাৰ লগতে অসমত শান্তি স্থাপনৰ ক্ষেত্ৰত তেওঁলােকৰ সহযােগিতাক শ’লাগিছে।

Leave a Comment