উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যসূচীৰ মাজতে NPP ৰ কাৰ্যালয়ত IED উদ্ধাৰ

নিউজ ডেস্ক। চলিত বছৰত মেঘালয়ৰ ৰাজধানীৰ কাষৰীয়া অঞ্চলত দুটাকৈ শক্তিশালী IED বিস্ফােৰণ সংঘটিত কৰা মেঘালয়ৰ নিষিদ্ধ ঘােষিত HNLC য়ে পুনৰ পৰিকল্পনা কৰা বিস্ফােৰণৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰিলে নিৰাপত্তাৰক্ষীয়ে।

এইবাৰ মেঘালয়ৰ শাসনাধিষ্ঠিত নেচনেল পিপলছ পাৰ্টিৰ চমুকৈ NPP ৰ শ্বিলংস্থিত কাৰ্যালয়ৰ সন্মুখত বিস্ফােৰণৰ পৰিকল্পনা কৰিছিল সংগঠনটােৱে।

কিন্তু ইয়াৰ পূৰ্বে আৰক্ষীয়ে জব্দ কৰে এই সন্দেহজনক আই ই ডি বোমা।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্বিলঙৰ ল’ৱাৰ লেচুমেৰিস্থিত এন পি পি কাৰ্যালয়ৰ সন্মুখত এটা নীলা বেগত ভৰাই থোৱা অৱস্থাত এই আই ই ডিটো উদ্ধাৰ কৰা হয়।

বোমা বিশেষজ্ঞই আই ই ডিটো জব্দ কৰি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

ইফালে এই দুষ্কাৰ্য উগ্ৰপন্থী সংগঠন এইচ এন এল চিয়ে সংঘটিত কৰা বুলি আনুষ্ঠাননিকভাৱে দাবী কৰিছে। সংগঠনটোৰ প্ৰচাৰ সচিব চিংকুপাৰ নংত্ৰয়ে এই কথা সদৰী কৰিছে।

ৰাজ্যখনৰ শাসনাধিষ্ঠিত দলটো বিগত সময়ছোৱাত উগ্ৰপন্থী সংগঠন এইচ এন এল চিৰ লক্ষ্য হৈ পৰাটো তাৎপৰ্যপূৰ্ণ ঘটনাৰূপে চিহ্নিত হৈছে।

আৰক্ষীয়ে দোষীক চিনাক্ত কৰিবলৈ শ্বিলঙৰ একাধিক স্থানত ইতিমধ্যে অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

Leave a Comment