উপ নিৰ্বাচনঃ পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ ৫টা সমষ্টিত আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া…

আজি উপ নিৰ্বাচন!

পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ ৫টা সমষ্টিত আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া।

৭ লাখ ৯৬হাজাৰ ৪৫৬জন ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩১ গৰাকী প্ৰাৰ্থীৰ।

গোসাইগাঁও, ভবানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হয় ভেটগ্ৰহণ প্ৰক্ৰিয়া।

আজি ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটদান প্ৰক্ৰিয়া আৰু সন্ধিয়া ৫ বজালৈ চলিব।

পাঁচটা সমষ্টিৰ মুঠ ৭ লাখ ৯৬হাজাৰ ৪৫৬জন ভোটাৰৰ ভিতৰত ৪লাখ, ০৩,৩৭৪ পুৰুষ ভোটাৰ, ৩লাখ ৯৩,০৭৮গৰাকী মহিলা ভোটাৰৰ লগতে ৩জন তৃতীয় লিংগৰ ভোটাৰ আছে।

ভোটকেন্দ্ৰসমূহৰ ভিতৰত তামুলপুৰ সমষ্টিত সৰ্বাধিক ২লাখ,১৭,৪৩২জন ভোটাৰ থকাৰ বিপৰীতে থাওৰাত সৰ্বনিম্ন ভোটাৰৰ সংখ্যা হ’ল ১লাখ, ১৫,৯৭১জন ভোটাৰ আছে।

উল্লেখ্য যে ২০২১ ৰ বিধানসভা নিৰ্বাচনত ৫ টা সমষ্টিৰ মাত্ৰ ১ টা সমষ্টিহে বিজেপিয়ে জয়লাভ কৰিছিল। বিজেপি মিত্ৰজোঁটে লাভ কৰিছিল তামুলপুৰ সমষ্টি।

Leave a Comment