উপ-নিৰ্বাচনঃ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নীতি-নিৰ্দেশনা…

ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।

উপ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধি প্ৰতিটো ৰাজনৈতিক দল।

উপ নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী আয়ুক্ত নিতিন খাড়েৰ সংবাদমেল।

ভোট গ্ৰহণৰ সময়ত ক’ভিড-১৯ ৰ কঠোৰ বিধি মানি চলা হ’ব।

উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোট গ্ৰহণ।

মনোনয়নৰ সময়ত সমদল বা ৰাজহুৱা সভা কৰিব নোৱাৰিব।

ৰ’ড শ্ব’ কৰিব নোৱাৰিব।

বাইক, চাইকেল আদিৰ ৰেলী নিষিদ্ধ।

কেম্পেইনৰ সময়ত ৩০% লোকক লৈহে ভৱন বা বন্ধ স্থানত মিটিং কৰিব পাৰিব।

বাহিৰত ৫০% লোকৰ সমাগম হব পাৰিব।

ঘৰে ঘৰে গৈ কেম্পেইনৰ বাবে ৫জন লোক হে যাবৰ বাবে অনুমতি।

সৰ্বাধিক ২০খন গাড়ী ব্যৱহাৰ কৰিব পাৰিব প্ৰাৰ্থীয়ে। প্ৰতিখন গাড়ীত ৩জনকৈ লোক বহিব পাৰিব।

নিশা ৭ বজাৰ পৰা পুৱা ১০ বজালৈ কোনেও প্ৰচাৰ কৰিব নোৱাৰিব।

কৰণাৰ দুয়োটা ভেকচিন গ্ৰহণ কৰাটো বাধ্য়তামূলক।

ভোটিং চেণ্টাৰৰ লগত জড়িত লোকে এই নিয়ম মনাটো বাধ্যতামূলক।

ভোটাৰে ভোট গ্ৰহণ কেন্দ্ৰলৈ মাস্ক পৰিধান কৰি আহিব লাগিব।

ভোট গ্ৰহণৰ ৭২ ঘণ্টাৰ পূৰ্বে প্ৰচাৰ কাৰ্য সামৰিব লাগিব।

যিবোৰ ভোট কেন্দ্ৰত ১০০০ ৰ অধিক ভোটাৰ থাকিলে অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হ’ব।

Leave a Comment