নিউজ ডেস্কঃ ইলেক্ট্ৰিক গীটাৰত ভাৰতৰ জাতীয় সংগীতৰ ঝংকাৰে শিঁহৰিত কৰা এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
এগৰাকী মহিলা গীটাৰিষ্টৰ আঙুলিৰ যাদুত প্ৰাণ পাই উঠা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ লহৰে মন্ত্ৰমুগ্ধ কৰিছে লাখ লাখ ভাৰতীয়ক।
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’ ক্লিপটো নাগালেণ্ডত অনুষ্ঠিত ২৩ সংখ্যক হৰ্ণবিল ফেষ্টিভেলৰ।
উত্তৰ পূবৰ ৰাজ্যখনৰ এই মহোৎসৱতে কেইবাগৰাকী অতিথি আৰু অলেখ দৰ্শকৰ উপস্থিতিত ইলেক্ট্ৰিক গীটাৰত ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ ঝংকাৰ তোলে গীটাৰিষ্ট ইমনাইনলা জমিৰে।
Nagaland musician shows what India’s national anthem sounds like on the electric guitar
— Maj Gen Harsha Kakar (@kakar_harsha) December 3, 2022
Imnainla Jamir from Mokokchung was performing at Nagaland’s Hornbill Festival 2022. *Really Amazing* 🫡💐👍🏻 pic.twitter.com/Uy2630EynQ
ইতিমধ্যে ইমনাইনলাৰ আঙুলিয়ে গীটাৰৰ তাঁৰত বুলোৱা যাদুৱে মুগ্ধ কৰিছে লাখ লাখ নেট ব্যৱহাৰকাৰীকো।
উল্লেখ্য যে, যোৱা ১ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হৈছে ২৩ সংখ্যক হৰ্ণবিল ফেষ্টিভেল।
বৃহস্পতিবাৰে দেশৰ উপ ৰাজ্যপাল জগদীপ ধনখড়ে অসম তথা নাগালেণ্ডৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই মহোৎসৱৰ উদ্বোধন কৰে।