fbpx
মণিপুৰঅসমীয়া

ইম্ফলত চানি লিয়নিৰ অনুষ্ঠানস্থলীৰ সমীপত বােমা বিস্ফােৰণ, হতাহত শূণ্য

মণিপুৰৰ ৰাজধানী ইম্ফ’লত গ্ৰেনেড বিস্ফােৰণৰ ঘটনা।

পূব মণিপুৰ জিলাৰ অন্তৰ্গত হেপ্ট কেংজেইবুং অঞ্চলত শনিবাৰে পুৱা সংঘটিত হয় এই ঘটনা।

sunny leone photo 41715

জানিব পৰা মতে, উক্ত স্থানত নিচেই সমীপত অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব জনপ্ৰিয় অভিনেত্ৰী চানি লিয়নিৰ এক অনুষ্ঠান।

323136891 723712376007565 6286962454405276163 n edited

খাদীৰ প্ৰচাৰৰ লগতে এটা ফেশ্বন শ্ব’ত মুখ্য আকৰ্ষণ হিচাপে অংশগ্ৰহণ কৰিব অভিনেত্ৰীগৰাকীয়ে।

ইয়াৰ পূৰ্বেই কােনো দুষ্কৃতিকাৰীয়ে এই বিস্ফােৰণৰ ঘটনা সংঘটিত কৰে।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কােনে কি উদ্দেশ্যত এই বিস্ফােৰণ সংঘটিত কৰিছে সেয়া নিশ্চিত কৰা নাই।

329311165 565287338815762 2655802000198744245 n

এয়া গ্ৰেণেড বিস্ফােৰণ নে IED বিস্ফােৰণ, সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকাশ পাব।

এই পৰ্যন্ত কােনাে উগ্ৰপন্থী সংগঠনেও এই বিস্ফােৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!