নিউজ ডেস্কঃ ছৌদি আৰৱৰ ক্লাব আল নাছৰৰ সৈতে চুক্তিবদ্ধ হ’ল পৰ্তুগালৰ কিংবদন্তি ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো।
মানচেষ্টাৰ ইউনাইটেডৰ সৈতে চুক্তিৰ অন্ত পেলোৱাৰ পিছত ভৱিষ্যতক লৈ সৃষ্টি হোৱা জল্পনা-কল্পনাৰ অৱসান ঘটনাই আঢ়ৈ বছৰৰ বাবে ক্লাব আল নাছৰৰ সৈতে চুক্তিবদ্ধ হয় তাৰকা ফুটবলাৰগৰাকী।
ইয়াৰ লগে লগে বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈ হিচাপেও পৰিগণিত হৈ পৰে ক্ৰিষ্টিয়ানো ৰোনাল্ডো।

উল্লেখ্য যে, বহু বছৰ ইউৰোপত খেলাৰ পিছত এতিয়া তেওঁ এছিয়ান ক্লাবৰ হৈ খেলিব।
৩৭ বছৰীয়া ৰোনাল্ডোৱে ২০২৫ চনলৈকে আল নাছৰৰ সৈতে চুক্তি বদ্ধ হৈছে। তেওঁ ক্লাবটোৰ সৈতে ২০ কোটি ইউৰো (১৭৭৫ কোটি টকা)তকৈও অধিক মূল্যৰ চুক্তিত স্বাক্ষৰ কৰিছে।
ফুটবল ক্লাব আল নাছৰে এই চুক্তিৰ সবিশেষ প্ৰকাশ কৰা নাই যদিও বাতৰি অনুসৰি ৰোনাল্ডোৱে ২০ কোটি ইউৰোতকৈ অধিক (২১৪.০৪ মিলিয়ন মাৰ্কিন ডলাৰ)ৰ চুক্তিত স্বাক্ষৰ কৰিছে।
ৰোনাল্ডোৰ অন্তৰ্ভুক্তিয়ে আল নাছৰৰ দলটোক শক্তিশালী কৰিব। ক্লাবটোৱে ৯টা ছৌদি প্ৰ’ লীগ খিতাপ দখল কৰি দশমখন ট্ৰফীৰ বাবে চকু ৰাখিব।

উল্লেখ্য যে, এই ক্লাবটোৱে শেষবাৰৰ বাবে ২০১৯ চনত লীগৰ চেম্পিয়ন হৈছিল। আল নাছৰৰ দলটোৱে এতিয়া প্ৰথমবাৰৰ বাবে এ এফ চি চেম্পিয়নছ লীগ জয় কৰাৰ আশাও কৰিব।
আল নাছৰৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত ৰোনাল্ডোৱে এছিয়ালৈ যোৱাৰ উপযুক্ত সময় বুলি কয়।
ইপিনে কাটাৰত অনুষ্ঠিত বিশ্বকাপত আৰম্ভণিৰ খেলতেই বাহিৰ হোৱাৰ পিছতো পৰ্তুগালৰ হৈ তেওঁ খেলি থাকিব বুলি ৰোনাল্ডোৱে ইংগিত দিয়ে।